Spread the love

নাগ্ৰীজুলিত সমাজকৰ্মী কৰুণাকান্ত চৌধুৰীৰ মৃত্যু।

 

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ খাটৰবাৰী (বাল্টিপাৰ) গাঁও নিবাসী বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ বিশিষ্ট সমজকৰ্মী, ব্যৱসায়ী কৰুণাকান্ত চৌধুৰীৰ আজি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫৭ বছৰ। তেওঁ বিগত কিছুদিন ধৰি মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটছত তেওঁক কেইদিনমান পূৰ্বে ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই তেওঁ অকাল মৃত্যুক সাৱটি লব লগা হয়। প্ৰয়াত কৰুণাকান্ত চৌধুৰীৰ মৃতদেহ খাটৰবাৰী বাল্টিপাৰ গাঁওৰ বাসগৃহলৈ লৈ অনা হয়। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে গাঁওবাসী, আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধ আহি উপস্থিত হৈ শোক বিহ্বল হৈ পৰে আৰু মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ধৰ্মীয় ৰীতি নীতিৰে আজি আবেলি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। বিশিষ্ট সমজকৰ্মী গৰাকীৰ মৃত্যুত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। বিভিন্ন দল সংগঠনৰ লগতে নাগ্ৰীজুলি অম্বিকাগিৰী সংঘ ও গ্ৰাম্য পুথিভঁৰাল, নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এটি পুত্ৰ সন্তান, দুগৰাকী কন্যা সন্তানৰ লগতে অসংখ্য গুণমুগ্ধ ইহসংসাৰত এৰি থৈ গৈছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *