Spread the love

নাগ্ৰীজুলিত ৪৯ সংখ্যক ৰঙালী বিহু উদযাপন।
ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত নাগ্ৰীজুলিৰ আকাশ বতাহ।

নাগ্ৰীজুলি, ৯ মে’-

তামুলপুৰ জিলাৰ নাগ্ৰীজুলি বজাৰত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নাগ্ৰীজুলি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ৪৯ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি আজি পুৱা ৭-০০ বজাত স্থানীয় সমাজকৰ্মী তথা শিক্ষক ৰঞ্জন দাসৰ তত্বাৱধানত চাফাই অভিযান অনুষ্ঠিত হয়। ৭-৩০ বজাত বিহু কাৰ্যালয়ৰ মুখ্যদ্বাৰ উন্মোচন কৰে নাগ্ৰীজুলিৰ যুৱ সমাজকৰ্মী লক্ষী (ভজন) দাসে, ৮-০০ বজাত বিহু পতাকা উত্তোলন কৰে নাগ্ৰীজুলি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি অচিন্ত্য কুমাৰ শৰ্মাই, ৮-৩০ বজাত সমূহীয়াভাৱে ৪৯ খন পতাকা উত্তোলন কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। পুৱা ৯-০০ বজাত স্মৃতি তৰ্পন কৰে গোপীনাথ বৰদলৈ হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক লোহিত উপ্ৰেতিয়ে। পুৱা ১০-০০ বজাত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হহয়। ১১-০০ বজাত কণ কণ লৰা ছোৱালীৰ মাজত খেল ধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি ৬-০০ বজাত মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হয়। বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মৰায়ন দাসৰ লগতে কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি বিহুৰ দ্বাৰ উন্মোচন কৰে বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। মুকলি বিহুত অসমৰ আগশাৰীৰ কেইবাটাও বিহু হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰি উপস্থিত কেইবা সহস্ৰাধিক দৰ্শক ৰাইজক মুহিত কৰে। ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত হৈ পৰে নাগ্ৰীজুলিৰ আকাশ বতাহ আৰু উদুলি মুদুলি হৈ পৰে নাগ্ৰীজুলি। সন্ধিয়া ৬–৩০ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয়। নিশা ৮-৩০ বজাত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ডাঃ উত্তম দাসে। সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰে আমন্ত্ৰিত শিল্পী ভিতালী আৰু পি জে প্ৰিঞ্চে। দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিহু উদযাপনৰ সমূহ কাৰ্যসূচীৰ সফল ৰূপায়ন কৰাত।সহায় সহযোগিতা আগবঢ়োৱা সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে বিহু উদযাপন।সমিতিৰ সভাপতি অচিন্ত্য শৰ্মা আৰু সম্পাদক ৰিজু দাসে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *