Spread the love

নাগ্ৰীজুলি আঞ্চলিক আছুৰ উদ্যোগত ৰঙালী বিহু উদযাপন।

ঢোল-পেঁপা-গগনাৰ মাতত মুখৰিত নাগ্ৰীজুলিৰ আকাশ বতাহ।

তামুলপুৰ

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত নাগ্ৰীজুলি অম্বিকাগিৰী সংঘ ও গ্ৰাম্য পুথিভঁৰাল প্ৰাংগণত আজি দিনজোৰা কাৰ্য্যসূচীৰে নাগ্ৰীজুলি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি আজি পুৱা ৯-০০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে নাগ্ৰীজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিৰকজ্যোতি মেধিয়ে। ৯-১৫ বজাত বিহু পতাকা উত্তোলন কৰে নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত আগশাৰীৰ শিক্ষানুষ্ঠান খাটাৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ৰবেন ৰাভাই। ৯-৩০ বজাত ছহিদবেদীত বন্তি প্ৰজ্বলান কৰে খাটৰবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক দীপক কুমাৰ পাঠকে আৰু ছহিদবেদিত পুষ্পঞ্জলি প্ৰদান কৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক দিগন্ত বেজবৰুৱাই। ১০-০০ বজাত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণৰ পিছতে কণ কণ লৰা ছোৱালী সকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি ৪-৩০ বজাত।অনুষ্ঠিত হোৱা মুকলি বিহুৰ দ্বাৰ উন্মোচন কৰে খাটৰবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক পৰাগ কুমাৰ।শৰ্মাই। মুকলি বিহুত উপস্থিত হোৱা অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মুকলি বিহুত অসমৰ বিভিন্ন ঠাইৰ কেইবাটাও বিহু হুঁচৰি দলে বিহু নৃত্য প্রদর্শন কৰি সহস্ৰাধিক বিহুপ্ৰেমী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। ঢোল পেঁপা গগনাৰ মাতত আৰু অসমীয়া ডেকা গাভৰুৰ বিহু নৃত্যত মুখৰিত হৈ পৰে সমগ্ৰ নাগ্ৰীজুলিৰ আকাশ বতাহ। বিহুৰ কাৰ্যসূচী সমূহত সহায় সহযোগ কৰা সকলো শ্ৰেণীৰ ৰাইজক নাগ্ৰীজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিৰকজ্যোতি মেধি আৰু সম্পদক অনুপ বৈশ্যই ধন্যবাদ জ্ঞাপন কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *