Spread the love

নাবাৰ্ডৰ মহিলা বিষয়া কৰ্মচাৰীৰ জনজাতি উন্নয়ন প্ৰকল্প পৰিদৰ্শন ৷

তামুলপুৰঃ২৩ফেব্ৰুৱাৰীঃ

ভাৰত – ভূটান সীমান্তৰ তামুলপুৰ জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটৰবাৰী আৰু কালচেনী গাওঁৰ আৰ্থিক ভাৱে দুৰ্বল কৃষক সকলৰ উপকাৰ হোৱাকৈ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ অৰ্থ সাহাৰ্যত ৰূপায়িত “সমন্বিত জনজাতি উন্নয়ন প্ৰকল্প“ আজি নাবাৰ্ডৰ গুৱাহাটী আঞ্চলিক কাৰ্যলয়ৰ পৰা অহা বিষয়াৰ দল এটিয়ে পৰিদৰ্শন কৰে ৷
ইতিমধ্যে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ অৰ্থ সাহায্যত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা গ্ৰাম্য বিকাশ মঞ্চ ৰ উদ্যোগত এক ছয়বছৰীয়া দীৰ্ঘম্যাদী আঁচনিৰে কালচেনী আৰু খাটৰবাৰী গাঁৱৰ ২০০ জন আৰ্থিক ভাৱে দুৰ্বল কৃষকক লৈ সমন্বিত জনজাতি প্ৰকল্প ৰ অধীনত উদ্যান শস্য ৰোপন কৰা হৈছে৷ আজিৰ পৰা তিনি বছৰ পূৰ্বে আৰম্ভ কৰা আঁচনি ৰ জৰিয়তে কৃষক সকলে উন্নত প্ৰজাতিৰ আম, মধুৰী আম আৰু নেমুটেঙাৰ গছ ৰোপন কৰিছে ৷ আজি তিনিবছৰত কৃষক সকলৰ এই উদ্যান শস্যই এক গতি লাভ কৰিছে।
পৰিদৰ্শনৰ সময়ত গাঁও উন্নয়ন সমিতিৰ সদস্য সকলৰ লগত প্ৰকল্পৰ বিষয়ে আলোচনা কৰাৰ লগতে কৃষকৰ ফচল সমূহ পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়ত নাবাৰ্ডৰ নলবাৰী জিলা ডি ডি এম উৎপল বেজবৰুৱা, গুৱাহাটীৰ কাৰ্যলয়ৰ বিষয়া অণ্নপূৰ্ণা কেকৰে , গ্ৰাম্য বিকাশ মঞ্চৰ হৈ উপ-সভাপতি প্ৰাঞ্জল চক্ৰবৰ্ত্তী আৰু প্ৰকল্প সমন্বয়ক টাইটাচ বেক, পটাই বড়ো আৰু কৃষক সকল উপস্থিত থাকে। উল্লেখনীয় যে আজিৰ এই ভ্ৰমণ কালত নাবাৰ্ডৰ মহিলা বিষয়া সকলে উক্ত গাওঁ দুখনৰ একাংশ উদ্যমী মহিলাৰ সৈতে আগতীয়াকৈ মহিলা দিৱস উদযাপন কৰি সামূহিক ভাৱে কেক কাটি আনন্দ প্ৰকাশ কৰে৷ ভ্ৰমনৰ অন্তত মহিলা বিষয়া সকলে প্ৰকল্পৰ প্ৰগতিত সন্তোষ প্ৰকাশ কৰে আৰু গ্ৰাম্য বিকাশ মঞ্চ আৰু গাওঁবাসীৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *