Spread the love

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ।
অসমৰ দহ খন জিলাত বড়ো ভাষা শিকন কেন্দ্ৰত শিক্ষক নিয়োগ।

নিখিল বড়ো ছাত্ৰ সন্থাই বিটিআৰৰ বাহিৰত চৰাইদেউ, উত্তৰ কামৰূপ, গহপুৰ, লক্ষিমপুৰ, শোণিতপুৰ, হোজাই, ডিব্ৰুগড়, গোলাঘাট, নগাঁও, গুৱাহাটী আৰু বিশ্বনাথকে আদিকৰি দহ খন জিলাত পোন্ধৰটা বড়ো ভাষাৰ শিকন কেন্দ্ৰ স্থাপন কৰি ২৯ গৰাকী বড়ো ভাষাৰ শিক্ষক নিয়োগ কৰে। আজি তামুলপুৰ জিলা এবছুৰ কাৰ্যলয়ত আনুষ্ঠানিক ভাৱে শিক্ষক-শিক্ষয়িত্ৰী সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো, উপ সভাপতি খৈৰামদাও ৱাৰী, সাধাৰন সম্পাদক খনীন্দ্ৰ বসুমতাৰী, শিক্ষা সম্পাদক চৌমাওচাৰ বসুমতাৰী সমন্বিতে কেন্দ্ৰীয় নেতা সকল উপস্থিত থাকে। সাধাৰন সম্পাদক খনীন্দ্ৰ বসুমতাৰীয়ে আঁত ধৰা বড়ো ভাষাৰ শিকন কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী সকলক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োৱে শিক্ষক শিক্ষয়িত্ৰী সকলক নিযুক্তি প্ৰদান কৰাত জিলা কেইখনৰ বড়ো ৰাইজ উপকৃত হ’ব বুলি কয়। ভৱিষ্যত দিনত আৰু অধিক বড়ো ভাষা শিকন কেন্দ্ৰ স্থাপন কৰাৰ কথা সদৰি কৰি শিক্ষক শিক্ষয়িত্ৰী সকলে ৰাইজৰ মাজত নিজৰ মাতৃভাষাটো সুন্দৰকৈ শিকোৱা দায়িত্ব লোৱাৰ লগতে সমাজখনত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি কয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *