Spread the love

নিশা আমিনগাঁওৰ ইচপাত নগৰত ভয়ংকৰ ঘটনা।

# জোনালী হাজৰিকা কলিতা নামৰ এগৰাকী মহিলাই উতলা গৰম তেল ঢালি দিলে এগৰাকী শিশুৰ সৈতে পাঁচ গৰাকী মহিলাৰ গাত।

# আঘাতপ্ৰাপ্ত পাঁচ বছৰীয়া শিশুটোৰ নাম সোনমনি বড়ো।

# আনহাতে আহত হৈছে মিনতি বড়ো, চকিনা বিবি,
প্ৰীতি বেগম,পদুমী বড়ো, আৰু মিনা বড়ো।

# ঘটনাত আঘাতপ্ৰাপ্ত সকলক নিশাই জি, এম, চি, এইচলৈ প্ৰেৰণ কৰা হৈছে।

# ঘটনা সন্দৰ্ভত ভূক্তভোগীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত দাখিল কৰিছে এজাৰৰ।

# আৰক্ষীয়ে আক্ৰমণকাৰী জোনাকী হাজৰিকা কলিতাক আটক কৰি আৰাম্ভ কৰিছে তদন্ত।

# আমাৰ হাতত পৰা তথ্য অনুসৰি জোনালীয়ে শুকুৰবাৰে আক্ৰমণ কৰিছিল প্ৰতিবেশী মহিলাক।

# তাৰ পিছতেই স্থানীয় মহিলা সকলে অনুষ্ঠিত কৰিছিল “বিচাৰ মেল”।

# জোনালীয়ে অনুপস্থিত আছিল এই মেলত।

# তাকে মহিলা সকলে জবাবদিহী কৰিছিল আক্ৰমণকাৰী জোনালীক।

# তেনে সময়তে গৰম তেলেৰে আক্ৰমণ কৰে মহিলা সকলক।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *