Spread the love

নীট পৰীক্ষাত সাফল্য লাভ কৰাত উৎফুল্লিত গৰৈমাৰীৰ মাজগুমীবাসী৷

নীট পৰীক্ষাত কৃতিত্ব লাভ কৰা কামৰূপৰ গৰৈমাৰীৰ মাজগুমীৰ জাহিদুল হুছেইনক লৈ আজি বিশাল সমদল উলিয়ায় ব্যক্তিগত খণ্ডৰ পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী, ৰাইজে।

অতি পিচপৰা গৰৈমাৰীৰ মাজগুমী গাঁৱৰ কৃষক জাকিৰ হুছেইন আৰু উজালা খাতুনৰ পুত্ৰ জাহিদুল হুছেইনে ৬৩৫ নম্বৰ লাভ কৰি সদ্যঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে, মাজগুমীৰ জাহিদুল ইছলামে পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আজমল ছুপাৰ ৪০ৰ পৰা নীট পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল৷

নীট পৰীক্ষাত কৃতিত্ব লাভ কৰা জাহিদুল হুছেইনক লৈ মাজগুমীত পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী, ৰাইজ মিলি এখনি বিশাল শোভাযাত্ৰা উলিয়ায়৷ ইয়াৰ পিচত এখন সম্বৰ্ধনা অনুষ্ঠানত জাহিদুল হুছেইনক সম্ভাষণ জনোৱা হয়৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *