Spread the love

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

গোৰেশ্বৰ-৩জুনঃ

চৰকাৰ বিৰোধী প্ৰতিবাদেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে গোৰেশ্বৰৰ ছিল্কীঝাৰবাসীয়ে।

পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ গাওঁবাসীৰ

“আমাক ৰাস্তা লাগে ৰাস্তা দিয়ক”

“আমাক অৰুণোদয় আঁচনি, বিনামূলীয়া চাউলৰ পৰিৱৰ্তে আমাক ৰাস্তা দিয়ক”

অৰুণোদয় আঁচনি নালাগে, বিনামূলীয়া আঁচনি নালাগে, অসম চৰকাৰ হায় হায়, ভৱেশ কলিতা হায় হায়, প্ৰমোদ বড়ো হায় হায় আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ছিল্কীঝাৰবাসী ৰাইজে।

উল্লেখ্য যে প্ৰায় তিনিবছৰ পূৰ্বে উক্ত পথচোৱা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যিক বিজেপি সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই।

আজিকুপতি উক্ত পথচোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে গাঁওবাসী।

ফলত পথৰ দূৰৱস্থা জলাকলাত অতিষ্ঠ ৰাইজে নিজেই নিৰ্মাণ কৰিলে পথছোৱা।

নিজৰ গাঠিৰ ধন খৰচ কৰি এইদৰে নিৰ্মাণ কৰাত ব্যস্ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

আৰু এইদৰে ৰাজপথত উলাই আহি ৰাইজে প্ৰতিবাদ কৰাৰ লগতে অনাগত পথটি নিৰ্মাণ নকৰিলে নিৰ্বাচনৰ সময়ত ভোট বৰ্জনৰ হুংকাৰ দিয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *