Spread the love

পানেৰী চাহ বাগিচাত ভোট দানৰ শতাংশ বৃদ্ধিৰ উদ্দেশ্য সজাগতা সভা

 

ওদালগুৰি জিলাৰ বিশ হাজাৰ চাহ বাগিচাৰ কৰ্মীয়ে আজি পুৱা ৭ বজাত একেসময়তে জিলাস্থিত ২৫ খন ডাঙৰ চাহ বাগিচাত ভোটাৰসকলৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হয়।

দেশৰ গণতান্ত্ৰিক পৰম্পৰা, মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা বজাই ৰাখিবলৈ আৰু প্ৰতিটো নিৰ্বাচনত ভোট দানৰ বাবে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ওদালগুৰি জিলাৰ জিলা প্ৰশাসন, শ্ৰম কল্যাণ বিভাগ আৰু চাহ বাগিচা ব্যৱস্থাপনাৰ দ্বাৰা এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

জিলা নিৰ্বাচনী বিষয়া আৰু জিলা আয়ুক্ত, জাবীৰ ৰাহুল সুৰেশেও পানেৰী চাহ বাগিচাত অনুষ্ঠিত প্ৰতিশ্ৰুতি গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

আমাৰ ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে,চাহ বাগিচা অঞ্চলত ভোটদানৰ শতাংশ বৃদ্ধি কৰা উদ্দেশ্য আজিৰ সভাখন অনুষ্ঠিত কৰা হয় বুলি শ্ৰম বিষয়া ধ্ৰুৱজ্যোতি বৰাই জানিবলৈ দিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *