Spread the love

[ad_1]

পাষাণ প্ৰেমিক! প্ৰেমিকাৰ দেহৰ ওপৰৰে গাড়ী চলাই নিলে ভণ্ড প্ৰেমিকে। ৰাজপথত চটফটাই থকা প্ৰেমিকাৰ কাতৰ আহ্বানকো নেওচি ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰিলে পাষাণ হৃদয়ৰ প্ৰেমিকে। প্ৰথমে প্ৰেমিকাক বন্ধুৰ দ্বাৰা নিৰ্যাতন। প্ৰেমিকাই সহায় বিচৰাত চুলিত ধৰি টনা আজোঁৰা কৰাৰ লগতে ডিঙি চেপিও চলালে নিৰ্যাতন। আৰু তাৰ পাছত প্ৰেমিকাৰ ওপৰেৰেই গাড়ী চলাই নিবলৈ গাড়ী চালকক নিৰ্দেশ দিলে ভণ্ড প্ৰেমিকে। মহাৰাষ্ট্ৰৰ থানেৰ, প্ৰায় এসপ্তাহ পূৰ্বৰ এই ঘটনা। মঙলবাৰে পুৱতি নিশা অশ্বজিৎ গাইকৱাড নামৰ এটা পাষাণ প্ৰেমিকে এই ঘটনা সংঘটিত কৰে। বৰ্তমান হাস্পতালৰ বিচনাত চটফটাই থকা প্ৰেমিকা প্ৰিয়া সিঙৰ ভাষ্যত পোহৰলৈ আহিল থানেৰ এই বৰ্বৰ ঘটনাৰ কথা।

পাঁচ বাছৰীয়া প্ৰেম আছিল অশ্বজিৎ গাইকৱাড আৰু প্ৰিয়া সিঙৰ মাজত। অশ্বজিৎ মহাৰাষ্ট্ৰ ৰাজ্য উন্নয়ন নিগমৰ পৰিচলৰ সঞ্চালক, অনিল গাইকৱাডৰ পুত্ৰ। ঘটনা সংঘটিত হোৱাৰ দিনা পুৱা চাৰি বজাতে অশ্বজিতে ফোন কৰিছিল প্ৰিয়া সিঙক। পৰিয়ালৰ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছিল হোটেল থানেলৈ। কিছু সময় পাছতে প্ৰিয়া সিং উপস্থিত হৈছিলগৈ হোটেল থানেত। কিন্তু প্ৰিয়া সিঙে লক্ষ্য কৰিছিল অশ্বজিতৰ অস্বাভাৱিক আচৰণ।
প্ৰেমিকৰ কিবা অসুবিধা হোৱা বুলি অনুমান কৰি, নিজে হোটেলৰ বাহিৰলৈ আহি প্ৰিয়াই সুধিব বিচাৰছিল অশ্বজিতৰ আচলতে হৈছে কি? কিন্তু অশ্বজিতে কেৱল নিজে নাহি, প্ৰিয়াৰ কাষলৈ লগত লৈ আহে বন্ধু বান্ধৱক। আৰু আহিয়ে অশ্বজিতৰ বন্ধু বান্ধৱে প্ৰিয়াক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে। হঠাতে সংঘটিত হোৱা অপ্ৰত্যাশিত ঘটনাত হতহম্ব হৈ প্ৰিয়াই অশ্বজিতৰ সহায়ৰ আহ্বান জনায় যদিও, ভণ্ড প্ৰেমিক অশ্বজিতে ওলোটাই প্ৰিয়াক চৰিয়াই, চুলি জোকাৰি, ডিঙি চেপি আক্ৰমণহে কৰে। পৰিস্থিতি অৱনতি ঘটাত প্ৰিয়াই অশ্বজিতৰ গাড়ীত থকা নিজৰ মোবাইল ফোনটো লৈ আতৰি যোৱাৰ চেষ্টা কৰে। তেতিয়াই অশ্বজিতে নিজৰ গাড়ী চালকক প্ৰিয়াৰ ওপৰেৰ গাড়ী চলাই নিবলৈ নিৰ্দেশ দিয়ে। উন্মত্ত দলটোৱে অশ্বজিতৰ নিৰ্দেশ মতেই কৰি গৈছিল সকলো কাম। আৰু অশ্বজিতৰ গাড়ীৰ খুণ্ডাত পথতে পৰি ৰয় প্ৰিয়া সিং।

প্ৰিয়া সিঙক তাতে এৰি আতৰি যায় ভণ্ড প্ৰেমিক অশ্বজিতসহ বন্ধু বান্ধৱৰ দলটো।
শৰীৰত উপৰ্যুপৰি আঘাত লৈ ৰাজপথতে পৰি ৰয় প্ৰিয়া সিং। পৰৱৰ্তী সময়ত প্ৰায় আধা ঘণ্টা সময়ৰ পাছত পথাচাৰীয়ে উদ্ধাৰ কৰে প্ৰিয়াক। শেহতীয়াকৈ প্ৰিয়াই হাস্পতালৰ বিচনাৰ পৰা ইনষ্টাগ্ৰামত দিয়া পোষ্ট তথা ফটোৰ জড়িয়তেহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে প্ৰিয়াই ঘটনাৰ ন্যায় বিচাৰিছে। থানে আৰক্ষীয়ে বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

প্ৰিয়া এতিয়া সুস্থিৰ যদিও, তাইৰ শৰীৰৰ আঘাত অতি গুৰুতৰ। অতি কমেও ৩-৪ মাহ বিচনাতে থাকিব লাগিব প্ৰিয়া, কিয়নো সমগ্ৰ শৰীৰতে আছে আঘাত। সোঁ ভৰিৰ হাড় দুটুকুৰা হৈ ভাগিছে। ইতিমধ্যে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। প্ৰিয়াৰ এটাই দাবী- তাইক ন্যায় লাগে, ভণ্ড প্ৰেমিক তথা মহাৰাষ্ট্ৰৰ উচ্চ খাপৰ আমোলাৰ পুত্ৰ অশ্বজিতে উচিত শাস্তি পাব লাগে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *