Spread the love

পি,এম,শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰৰ বাৰ্ষিক খেল দিৱস সম্পন্ন

 

 

তামুলপুৰ,২২ ডিচেম্বৰ-

 

 

পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰৰ বাৰ্ষিক খেল দিৱসৰ আজি সফল সামৰণি পৰে ৷ দিনযোৰা কাৰ্যসুচীৰে অনুস্থিত বাৰ্ষিক খেল দিৱসৰ আজি পুৱা দহ বজাত তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত অৰুণিমা কাকতীয়ে পতাকা উত্তোলন আৰু শিখা প্ৰজ্বলনেৰে

আনুস্থানিৰ ভাৱে উদ্ধোধন কৰে ৷ বাৰ্ষিক খেল দিৱসৰ উদ্ধোধন কৰাৰ লগতে মাৰ্চ পাচৰ অভিবাদনো গ্ৰহণ কৰে সহকাৰী আয়ুক্ত অৰুণিমা কাকতীয়ে ৷ বাৰ্ষিক খেল দিৱস উদ্ধোধন কৰি নিজৰ চমু ভাষণত সহকাৰী আয়ুক্ত গৰাকীয়েে

ছাত্ৰ -ছাত্ৰী সকলক পঢ়াশুনাৰ সমান্তৰাল ভাৱে খেলা ধূলাৰ মাজেৰে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ আহ্বান জনায় ৷ খেলা ধুলাৰ মাজেৰে ছাত্ৰ ছাত্ৰী সকলৰ শাৰিৰীক মানসিক বিকাশ হয় ৷ ক্ৰীড়া ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা খেল মহাৰণ ,খেলো ইণ্ডিয়াৰ কথা উল্লেখ কৰি সহকাৰী আয়ুক্ত অৰুণিমা কাকতীয়ে কঠোৰ অনুশীলন কৰি গলে ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিব পাৰিব বুলিও মন্তব্য কৰে ৷ কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰৰ সহকাৰী শিক্ষক হনুমান মেনাই সঞ্চালনা কৰা উদ্ধোধনী অনুস্থানত আদৰণি ভাষন ৰাখে অধ্যক্ষ ৰাজু দাসে ৷ বাৰ্ষিক খেল দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুস্থানো পৰিবেশন কৰে ৷ বাৰ্ষিক খেল দিৱস উপলক্ষে বিদ্যালয় খনৰ নিম্ন শাখা আৰু উচ্চ শাখাৰ নিৰ্বাচিত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ভেকুলী জাপ, ৫০ মিটাৰ,১০০ মিটাৰ,দুশ মিটাৰ দৌৰ, কাবাদী, লং জাম্প,হাই জাম্প,মেজিক চকীৰ লগতে বিভিন্ন পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা অনুস্থিত কৰা হয় ৷ বাৰ্ষিক খেল দিৱসৰ অন্তত বিজয়ী সকলৰ মাজত বটা বিতৰণ কৰা হয় ৷ কেন্দ্ৰীয় বিদ্যালয় তামুলপুৰৰ ক্ৰীড়া শিক্ষক নাহিদ জামালৰ ত্বতাবধানত

অনুস্থিত বাৰ্ষিক খেল দিৱসৰ কাৰ্যসূচীত বিদ্যালয় খনৰ প্ৰধান শিক্ষক ওম প্ৰকাশ যাদৱ, ,ৰবি শংকৰ, অৰুণ যাদৱ,কিশোৰ জেৰিয়াল, যতিনৰ লগতে সমুহ শিক্ষক-শিক্ষয়ত্ৰী,অভিভাৱক – অভিভাৱিকা, ছাত্ৰ- ছাত্ৰী সকল উপস্থিত থাকে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *