Spread the love

পুনৰ ইউপিপিএল দললৈ উভতিল ইউপিপিএলৰ কেন্দ্ৰীয় ফাৰ্মাৰ চেলৰ সম্পাদক কালীচৰণ নাৰ্জাৰী ।

কোকৰাঝাৰ জিলাৰ বাউখুংগ্ৰী সমষ্টিৰ ব্লক ইউপিপিএল দলৰ প্ৰাক্তন অন্যতম সম্পাদক তথা কেন্দ্ৰীয় ইউপিপিএলৰ ফাৰ্মাৰ চেলৰ সম্পাদক কালীচৰণ নাৰ্জাৰীয়ে কেইদিনমান আগতে কেইবাজনো সতিৰ্থ লগতলৈ বিপিএফ দলত যোগদান কৰিছিল । আজি কালীচৰন নাৰ্জাৰীয়ে তামুলপুৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহত উপস্থিত হৈ পুণৰ ইউপিপিএল দলত যোগদান কৰে । নাৰ্জাৰীয়ে জানিবলৈ দিয়ে যে বিপিএফ দলত যোগদান কৰিছিল যদিও পিছত ভুল বুজিব পাৰি ইউপিপিএললৈ উভতি আহে আৰু তেখেতৰ লগত যোৱা আন আন সতিৰ্থ সকলো বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলৈ ঘুৰি আহিব ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *