Spread the love

[ad_1]

অধিবক্তা গৰাকীয়ে মঙলবাৰে হৌজ খাছ আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰ (এছএইচঅ’)লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।যত তেওঁ লিখিছিল, “সমিতিৰ সন্মুখত হাজিৰ হোৱাৰ পিছত মহুয়া ৫ আৰু ৬ নৱেম্বৰত একো নজনোৱাকৈ ঘৰলৈ আহিছিল। মই ভাবো যে মহুৱাই মোৰ কুকুৰ হেনৰীৰ অজুহাতত দেখুৱাই মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে।

এইগৰাকী অধিবক্তাৰ সৈতে লিভ ইন সম্পৰ্কত আছিল মহুৱা। দুয়োজনৰ মাজৰ সম্পৰ্ক তেওঁলোকৰ বিচ্ছেদৰ পিছৰে পৰা ভাল হোৱা নাই বুলি জনা গৈছে।দুয়োৰে মাজৰ বিভেদৰ কাৰণ পোহনীয়া কুকুৰ হেনৰী বুলি কোৱা হয়। দুয়োয়ে ইয়াৰ বাবে দুয়োকে চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে। দুয়োয়ে হেনৰীৰ বাবে আইনী যুঁজতো নামিছিল। অৱশ্যে বৰ্তমান কুকুৰটো মহুৱাৰ ওচৰত আছে।

উল্লেখ্য যে, মহুৱাৰ প্ৰাক্তন সংগীগৰাকীয়ে চিবিআইক চিঠি লিখি জনাইছিল যে মহুৱাই ব্যৱসায়ী হীৰানন্দানীৰ পৰা টকা লৈ লোকসভাত প্ৰশ্ন কৰিছিল। এই সন্দৰ্ভত সংসদৰ এথিক্স কমিটীয়েও তদন্ত কৰি আছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *