Spread the love

প্ৰমোদ বড়োৰ বিটিআৰৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ দুৰৱস্থা।

 

*ভেৰগাঁৱৰ ২ নং সোণাজুলিত অৱস্থিত উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী।*

 

*ভূতবাংলাত পৰিণত হৈ পৰিছে এইখন বিদ্যালয় পাঠদান কৰিবলৈ নাই শ্ৰেণীকোঠা ।*

_________________________________

 

এইখন হৈছে বিটিআৰৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ সোণাজুলিত অৱস্থিত একমাত্ৰ হাইস্কুল । পিছে আছে গৰু নাবায় হাল , তেনে গৰু নথকাতোৱে ভাল বুলি কোৱাৰ দৰে অৱস্থাত এইখন বিদ্যালয়ৰ। বৰ্তমান সময়ত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ লগতে ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ উন্নয়নৰ ঢাক-ধোল বজোৱাৰ সময়তে এনে পৰিস্থিতিত এখন বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰ-ছাত্ৰী সকল পাঠদানৰ পৰা বঞ্চিত হোৱাতো চিন্তনীয় বিষয় হৈ পৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষা বিভাগৰ আমোল পৰিৱৰ্তন হোৱা বুলি দাবী জনাই থকাৰ সময়তে কিন্তু শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ উদঙালে বিটিআৰৰ এইখন বিদ্যালয়ে । ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ বৃহত্তৰ কালিখোলা অঞ্চলৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ২ নং সোণাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা । বিগত কেইবাবছৰো ধৰি বিদ্যালয় গৃহ অৰ্ধনিৰ্মিত হৈ থকাৰ ফলত বছৰৰ পাছত বছৰ ব্যাহত হৈ আহিছে বিদ্যালয় খনৰ পাঠদান ৷ বৰ্তমান বিদ্যালয় খনৰ অৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব যিহেতু ভূতবাংলাত পৰিণত হৈ পৰিছে , অৰ্দ্ধ নিৰ্মিত শ্ৰেণীকোঠা সমূহত ডাঠ হাবি-জংগলেৰে ভৰি পৰিছে ৷ ওচৰতে থকা ২ নং সোণাজুলি মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুলৰ তিনিটাকৈ শ্ৰেণীৰ পাঠদান চলাই থকা হৈছে ৷ কিন্তু পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত নিতৌ ব্যাহত হৈছে পাঠদান ৷ এফালে শিক্ষকৰ অভাৱ আনফালে পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত এতিয়া ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

 

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ বৃহত্তৰ কালিখোলা , সোনাজুলি , ডিমাকুছি , বামুনজুলি , বাদলাপাৰা , বগৰীতল আদি গাঁৱৰ কেইবা শতাধিক ছাত্ৰ- ছাত্ৰীৰ শিক্ষাগ্ৰহণৰ একমাত্ৰ ভৰসাস্থলী ২ নং সোণাজুলিৰ জনতা হাইস্কুল ৷ পুৰণি গৃহ ভাঙি বিটিচি চৰকাৰৰ পুজিৰে নিৰ্মাণ কৰিছিল নতুন বিদ্যালয় গৃহ কিন্তু দুৰ্ভাগ্য বশত বিগত চাৰি-পাঁছ বছৰে গৃহ সমূহ অৰ্ধনিৰ্মিত হৈ থাকিল ৷ সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে গৃহ সমূহ ৷ ইয়াৰ বিৰূপ ফল ভূগিৱলগীয়া হৈছে ছাত্ৰ ছাত্ৰী সকলে ৷ আনফালে ভূতৰ ওপৰত দানহ পৰাদি শিক্ষকৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলক ৷ পৰ্যাপ্ত শিক্ষকৰ অভাৱত গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে শিক্ষাৰ্থী ৷ বিদ্যালয় খনৰ এনে এশ এবুৰি সমস্যাৰ বিষয়ে বহুবাৰ অৱগত কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক ৷ কিন্তু আশ্বাসতে সীমাবদ্ধ ৰজাঘৰৰ দায়বদ্ধতা ৷ স্থানীয় ৰাইজে পুনৰবাৰ অঞ্চলটোত এক সুস্থ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বিদ্যালয় খনৰ পৰ্যাপ্ত আন্তঃগাঠনি নিৰ্মাণ কৰিবলৈ চৰকাৰক দাৱী জনাইছে ।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *