Spread the love

প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান

GMCHত শেষ নিশ্বাস ত্যাগ প্রাক্তন মন্ত্ৰীগৰাকীৰ

অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ আজি পুৱা ৭.০৮ বজাত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি যকৃৎ, বৃক, হৃদ আৰু মধুমেহ আদি ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো। আৰু বিগত কেইবাদিন ধৰি খাদ্য গ্ৰহণ কৰা ক্ষেত্ৰত অসুবিধা হোৱাত তেখেতক ৰঙিয়া স্বস্থি হাস্পাতালত ভৰ্তি কৰা হৈছিল । সোমবাৰে অসম চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে তেখেতক জিএমচিএচলৈ হস্তানান্তৰ কৰা হৈছিল। বড়োৰ দেহৰ বিভিন্ন অৰ্গনত পানী জমা হোৱাৰ কথা জানিবলৈ দিয়ে চিকিৎসক সকলে। অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰিও তিনিবাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল থানেশ্বৰ বড়ো। তেখেতৰ বিয়োগত অসম গণ পৰিষদ দলৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। আজি ৰঙিয়াত ৰাজ্যিক সন্মানসহ তেখেতৰ শেষ কৃত্য অনুষ্ঠান সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰঙিয়া মহুকুমাৰ মহুকমাধিপতি দেৱাশীষ গোস্বামীয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *