Spread the love

বগৰিবাৰীত বাথৌ মহাসভা টংলা আঞ্চলিক যুৱৰ মদ ভাং জুৱা বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা

 

বাথৌ মহাসভা টংলা আঞ্চলিক যুৱৰ উদ্যোগত আৰু বগৰীবাৰী শাখাৰ সহযোগত আজি বগৰীবাৰী বাথৌ মন্দিৰৰ প্ৰাংগণত মদ, ভাং, জুৱা,বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা এখন অনুষ্ঠিত হয়।

 

বাথৌ মহাসভা টংলা আঞ্চলিক যুৱৰ সভাপতি দিলীপ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত যুৱৰ শিক্ষা সম্পাদক পদুলাল বড়োই

শিক্ষা, অৰ্থনীতি, আচাৰ ব্যৱহাৰ, নীতি শিক্ষা আদিৰ ওপৰত ভাষণ দিয়ে।

 

সভাত উপ সভাপতি পুলেন বড়োই বাথৌ ধৰ্মৰ নীতি আদর্শ আৰু অৰূপ বড়োই মদ ভাং জুৱা আৰু বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা মূলক ভাষণ দিয়ে।

 

সভাত দানচৌৰাং হাইস্কুলৰ শিক্ষক হাদৌপছা বড়োও যুৱ প্ৰজন্মৰ উদেশ্য ভাষণ দিয়ে।

 

দুই কুৰিতকৈ অধিক ছাত্র ছাত্ৰী,যুৱক যুৱতী উপস্থিত থকা সজাগতা সভাত টংলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা অনজিমা নাৰ্জাৰী,টংলা ইউ এন একাডেমীৰ শিক্ষয়ত্ৰি মৃণালী স্বৰ্গীয়াৰী, আঞ্চলিক যুৱৰ সহ সম্পাদক বিৰগৌ গয়াৰী,কবিন বড়ো,সদস্য গৌমম্বৰ বড়ো,বগৰীবাৰী শাখাৰ

সভাপতি অৰ্জুন বড়ো,সম্পাদক ছুমন বড়ো,সদস্য নিশাৰাণী বড়ো উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *