Spread the love

বাক্সা নিৰ্বাচনী জিলাত ১৪৪ ধাৰা জাৰি

মিডিয়া চে’ল, মুছলপুৰ, ৩ জুন, ২০২৪ :

 

লোকসভা নিৰ্বাচনৰ ভোটগণনা যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা দণ্ডাধীশ কৃষ্ণা বৰুৱাই সমগ্ৰ বাক্সা নিৰ্বাচনী জিলাখনত ভোটগণনাৰ দিনাৰ পৰা, অৰ্থাৎ ৪ জুনৰ পুৱা ৫ বজাৰ পৰা পিছদিনা, অৰ্থাৎ ৫ জুনৰ আবেলি ৫ বজালৈ ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে। উক্ত দুয়োটা দিনত ৰাজহুৱা স্থানত ৫জন লোকতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ উপৰি বন্ধ, শ্লোগান, শোভাযাত্ৰা, ধৰ্ণা, অস্ত্ৰ-শস্ত্ৰৰ সৰৱৰাহ আদিতো নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ উপৰি দুচকীয়া বাহনত দুজন লোকে যাত্ৰা কৰিব নোৱাৰিব যদিও ৬০ বছৰৰ ঊৰ্ধ্বৰ লোক আৰু ১০ বছৰ বয়সৰ তলৰ শিশু তথা চৰকাৰী কৰ্মত নিয়োজিত লোকক এইক্ষেত্ৰত ৰেহাই দিয়া হৈছে। এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা জিলা দণ্ডাধীশগৰাকীয়ে কামনা কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *