Spread the love

[ad_1]

অশ্ৰুসিক্ত নয়নেৰে মৰ্ত্যৰ পৰা বিদায় ল’লে দেৱী দুৰ্গাই। মহিষাসুৰক নাশ কৰিবলৈ মহালয়াত মৰতলৈ নামি অহা দেৱী দুৰ্গা ষষ্ঠীত পূজাৰ বেদীত বহাৰ পাছত আজি দশমীৰ দিনটোত পুনৰ স্বামীগৃহলৈ উভতিল।

অৱশ্যে কেৱল দশমী নুবুলি আজিৰ দিনটোক কোৱা হয় বিজয়া দশমী। ইয়াৰ আঁৰত লুকাই আছে এক অৰ্থ। বিজয়া দশমী মানেই আৱেগিক এক মুহূৰ্ত। আজিৰ পৰা পুনৰ এবছৰলৈ অপেক্ষা কৰিব লাগিব দেৱীৰ আগমণলৈ।

আজিয়েই অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱ। দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ নৈৰ পাৰত ভিৰ কৰিছে ভক্তই। আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথিত মৰতলৈ মহিষাসুৰ নিধনৰ যি উদ্দেশ্যৰে দেৱী নামি আহিছিল সেই উদ্দেশ্য পুৰণ কৰি পিতৃগৃহ এৰি কৈলাশৰ স্বামীৰ গৃহত ভৰি দিব দেৱীয়ে।

মহিষাসুৰৰ সৈতে মৰতত দেৱী ৯ দিন ৯ ৰাতি যুদ্ধত লিপ্ত হৈছিল। যুদ্ধৰ দশম দিনটোত দেৱীয়ে এই যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। সেয়ে আজিৰ দিনটোক কোৱা হয় বিজয়া দশমী।

ইফালে উত্তৰ ভাৰতত আজিৰ দিনটোতে পালন কৰা হয় দশেৰা উৎসৱ। অৱশ্যে উত্তৰ ভাৰতৰ পৰা এই উৎসৱ এতিয়া দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে। এই দশেৰা উৎসৱৰো আছে নিজা এক তাৎপৰ্য।

শেৰা শব্দটো সংস্কৃত শব্দ দশহৰৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে দশানন ৰাৱণৰ মৃত্যু।বাল্মিকীৰ দ্বাৰা ৰচিত ৰামায়ণত উল্লেখ কৰা অনুসৰি আহিন মাহৰ শুক্ল দশমীৰ তিথিত লংকাধিপতি ৰাৱণক ৰামচন্দ্ৰই বধ কৰিছিল।

কথিত আছে ৰাৱণ বধৰ পাছত আহিন মাহৰ ৩০ সংখ্যক দিনটোত অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰিছিল ৰাম, সীতা আৰু লক্ষ্মণে। সেয়ে ৰামে ৰাৱণ বধ কৰা দিনটো দশেৰা আৰু অযোধ্যাত প্ৰৱেশ কৰা দিনটোত দিপাৱলী পালন কৰা হয়।

এয়া আধ্যাত্মিক দৃষ্টিকোণৰ কথা। কিন্তু এই কাহিনী বা আখ্যানক আমি যদি আমাৰ বাবে এক শিক্ষা বুলি ধৰি ল’লেও তেন্তে ইয়াৰ পৰা যি শিক্ষা আমি ল’ব লাগে সেই শিক্ষা ল’ব পাৰিছোনে সেয়াও এক ডাঙৰ প্ৰশ্ন।

বিজয়া দশমীয়েই হওক বা দশেৰাই হওক ইয়াৰ মূল তত্ব হৈছে অশুভ শক্তিৰ পৰাজয়। মহিষাসুৰ আৰু ৰাৱণক অশুভ শক্তিৰ প্ৰতীক হিচাপে লৈ দেৱী দুৰ্গা আৰু শ্ৰী ৰামচন্দ্ৰক সত্য, শুদ্ধৰ প্ৰতীক হিচাপে লোৱা হৈছে।

আজিৰ তাৰিখত মানুহৰ মনত বিভিন্ন ধৰণৰ অশুভ কাৰকে থিতাপি লৈছে। এই অশুভ কাৰকৰ পৰাই মানুহে ক্ৰমান্বয়ে অসুৰৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰিছে। আজিৰ দিনটোতেই সুৰা সেৱন কৰি মানুহবোৰ অসুৰলৈ ৰূপান্তৰ হৈছে। সুৰাৰ প্ৰচলন ইমানেই বৃদ্ধি হৈছে যে তাৰ পৰা অহা ৰাজহ লোকচান হোৱাৰ ভয়তে ৰজাঘৰে এইবাৰ ড্ৰাই ডে’ ঘোষণা কৰাৰ পৰাও বিৰত আছে।

মানুহৰ মনত থিতাপি লোৱা অপৰাধ প্ৰৱণতা, হিংসুক চিন্তা আদি মহিষাসুৰৰে এক প্ৰতীক। দেৱী দুৰ্গাই আহি মানুহৰ মনত থিতাপি লৈ এই অশুভ শক্তি, চিন্তাক নাশ নকৰে। এইবোৰক আমি নিজেই নাশ কৰিব লাগিব। ইয়াৰ বাবে আমি আমাৰ মন, মগজুক শুদ্ধ কৰাৰ প্ৰয়োজন।

লংকাধিপতি ৰাৱণক ৰামায়ণত মহাপণ্ডিত আখ্যা দিয়া হৈছে। তেওঁক পৰমজ্ঞানী আৰু পৰম ভক্ত বুলি কোৱা হৈছে। যি ৰাৱণৰ বিৰুদ্ধে ৰামচন্দ্ৰই যুদ্ধ কৰিলে সেই ৰাৱণৰ পৰা মৃত্যুৰ প্ৰাকক্ষণত লক্ষ্মণক শাস্ত্ৰৰ জ্ঞান ল’বলৈ ৰামচন্দ্ৰই নিজেই পঠিয়ালে।

অথচ তেনে এজন শাস্ত্ৰত অগাধ দখল থকা পণ্ডিতক অসুৰ হিচাপে উপস্থাপন কৰি তেওঁক অশুভ শক্তিৰ প্ৰতীক হিচাপে দাঙি ধৰা হৈছে। সীতা দেৱীক হৰণ কৰিও তেওঁৰ অনুমতি অবিহনে ৰাৱণে সীতাক স্পৰ্শ নকৰিলে।

ৰামচন্দ্ৰ অৱতাৰী পুৰুষ বুলি জানিও ৰাৱণে তেওঁৰ বিৰুদ্ধে যুঁজত নামিলে। দুই ভাতৃয়ে ৰামচন্দ্ৰৰ বিৰুদ্ধে যুঁদ্ধ নকৰিবলৈ সকিয়াই দিয়াৰ পাছতো অহংকাৰী ৰাৱণে যুদ্ধ কৰিলে। আৰু শেষ পৰিণাম ভুগিলে।

দৰাচলতে ৰাৱণ যদিও পৰম জ্ঞানী আছিল, শাস্ত্ৰত অগাধ পণ্ডিত আছিল তথাপিও ৰাৱণৰ মনত থিতাপি লোৱা অংহকাৰ আছিল সকলোতকৈ ওপৰত। এই অংহাকাৰেই আছিল ৰাৱণৰ মৃত্যুৰ কাৰণ।

ইয়াৰ পৰা এক সুন্দৰ শিক্ষা মানৱ সমাজে লাভ কৰিছে। অহংকাৰেই পতনৰ মূল কথাষাৰ ৰাৱণৰ পতনৰ কাহিনীয়ে ভালকৈয়ে বুজায়। কিন্তু ইয়াৰ পৰা শিক্ষা লয় কোনে? বিদ্বান, পণ্ডিত, বুদ্ধিজীৱি হিচাপে স্বীকৃত অনেকে জানো এতিয়া অহংকাৰ, ক্ষমতাৰ বলতেই নক’বলগীয়া, নকৰিবলগীয়াবোৰ কৰি থকা নাই !

বিজয়া দশমী, দশেৰা কেৱল এক উৎসৱ নহয়। এয়া মানৱ সমাজৰ বাবে এক শিক্ষা। আধ্যাত্মিক চিন্তা, চেতনাৰ উপৰিও এই উৎসৱৰ সৈতে জড়িত হৈ থকা শিক্ষাক অনুধাৱন কৰিব নোৱাৰালৈকে জাকজমকতাৰে এই উৎসৱ পালিত হৈ থাকিব ঠিকেই কিন্তু ইয়াৰ পৰা ল’বলগীয়া শিক্ষা নোলোৱাৰ বাবেই সমাজত অশুভ শক্তিৰ আধিপত্য চলি থাকিব।

এই অশুভ শক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি দেৱী দুৰ্গীক বন্দনা কৰি, শ্ৰী ৰামচন্দ্ৰক স্মৰণ কৰিলেই নহ’ব। উৎসৱৰ মাজেৰে, আধ্যাত্মিকতাৰ মাজেৰে যি বাৰ্তা আহিছে সেই বাৰ্তাক অনুধাৱন কৰিব পাৰিব লাগিব। তেহে মানৱ সমাজৰ কল্যাণ সম্ভৱ হৈ পৰিব।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *