Spread the love

বিজেপিয়ে হিন্দু বঙালীৰ ভোট বেংক লৈ এতিয়াও কৰি আছে ৰাজনীতি।

এইবাৰ পুনৰ বিদেশী গোচৰৰ জাননী লাভ কৰিলে তামুলপুৰৰ এগৰাকী হিন্দু বঙালীয়ে। যি খবৰে স্বাভাৱিকতে এতিয়া পুনৰ হিন্দু বঙালী সকলৰ মাজত সৃষ্টি কৰিছে বিভ্ৰান্তি আৰু প্ৰতিক্ৰিয়াৰ। NRC ৰ পূৰ্ণাংগ তালিকাত নাম সন্নিৱিষ্ট থকাৰ পিছতো তামুলপুৰ জিলাৰ বিহংগপুৰৰ এইগৰাকী প্ৰহ্লাদ মজুমদাৰ নামৰ লোকজনক কামৰূপ মহানগৰ বিদেশী ন্যায়াধীকৰনৰ পৰা প্ৰদান কৰা হৈছে এক আইনী প্ৰক্ৰিয়াৰ জাননী।

আৰু এই জাননী লাভ কৰাৰ পিছতে সৰৱ হৈ পৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্ম কর্তা সকলে।

এই ক্ষেত্ৰত সংগঠনৰ লোক সকলে কয় যে: নিৰ্বাচনত হিন্দু বঙালীৰ ভোট লোৱাৰ পিছতে আকৌ হিন্দুৰ ওপৰত জাৰি কৰা হৈছে বিদেশী সম্পৰ্কীয় গোচৰ জাননী। নিৰ্বাচনৰ সময়ত ভোট লয় আকৌ নিৰ্বাচন শেষ হলেই এই খন চৰকাৰে হিন্দু বঙালীৰ ওপৰত প্ৰেৰণ কৰে কেৱল বিদেশীৰ নামত জাননী, উচ্ছেদৰ জাননী, আদি।

কা আৰু কেবৰ দ্বাৰা অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে বঙালী সকলৰ সৈতে থকা সাতামপুৰুষীয়া সম্পৰ্ক নষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে।

পূৰ্বে কংগ্ৰেছে যিদৰে হিন্দু বঙালীৰ ভোট লৈ ৰাজনীতি কৰিছিল এতিয়া বিজেপিয়েও একেই পন্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই এনেবোৰ কাৰ্য বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

শীঘ্ৰেই চৰকাৰে এইধৰণৰ জাননী প্ৰেৰণ কৰা কাৰ্য বন্ধ কৰাৰ লগতে হিন্দু বঙালী সকলক হাৰাশাস্তি নকৰিবলৈ হুংকাৰ প্ৰদান কৰে।হিন্দুত্ববাদী চৰকাৰে হিন্দু বঙালীৰ ভোট লৈ হিন্দুৰ ওপৰত কৰা এনে চক্ৰান্ত কোনো পধ্যেই সহ্য কৰা নহব বুলি কৈ পুনৰ কয় যে এনে ধৰণৰ কাৰ্য পন্থা চৰকাৰে অব্যাহত ৰাখিলে আগন্তুক ২০২৫ চনৰ বি টি আৰ নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হব।

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *