Spread the love

বিজেপি বৰ্জন কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত আছা’ৰ পোষ্টাৰিং কাৰ্যসূচী গ্ৰহণ।

 

আদিবাসী জনগোষ্ঠীটোক “জনজাতিকৰণ” নকৰা প্ৰতিবাদত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বৰ্জন কাৰ্যসূচীৰে আজি মাৰ্ঘেৰিটাত আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক পোষ্টাৰিং কাৰ্যসূচী হাতত লয়।

আছা’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি আৱেলি মাৰ্ঘেৰিটাৰ মাকুম বাগান চাৰি আলিত এই পোষ্টাৰিংৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে আগন্তুক লোকসভা নিৰ্বাচনৰ আগে আগে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে গাঁৱে গাঁৱে বাগানে বাগানে এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *