Spread the love

 বিটিআৰৰ ই এম সঞ্জিত তান্তীৰ গুণ্ডাগিৰি ৷

ফোনযোগে ভয় – ভাবুকি বিপিএফৰ একাংশ নেতাক ৷ 

🔖বিটিআৰৰ ই এম তথা ননৈ চেৰফাং সমষ্টিৰ এম চি এল এ সঞ্জিত তান্তীয়ে সামাজিক মাধ্যমৰ বিভিন্ন মন্তব্যৰ আঁত ধৰি সমষ্টিতোৰ একাংশ বিপিএফ দলৰ নেতা কৰ্মীক ফোনযোগে ভাবুকি দিয়াৰ লগতে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি ই এম গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিপিএফ ।

🔖সামাজিক মাধ্যমত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰাৰ বাবেই বিপিএফ দলৰ আদিৱাসী কোষৰ দুই নেতা জগদীশ চাহু আৰু নৰোত্তম সাগৰক ফোনযোগে ভাবুকি দিয়াৰ লগতে অশালীন মন্তব্যৰে মানসিক নিৰ্যাতন চলাইছিল ।

🔖 এগৰাকী দায়িত্বশীল ই এমৰ এনে আচৰণত মৰ্মাহত হৈ পৰা দুয়োগৰাকী বিপিএফ নেতাই সততে সংস্কাৰৰ নীতিপাঠ পঢ়োৱা বিজেপি দলৰ এগৰাকী দায়িত্বশীল কাৰ্যবাহী সদস্যৰ এনে কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দি ইয়াক গৰিহনা দিয়ে ৷

🔖ভৱিষ্যতে এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ কাৰ্যবাহী সদস্য গৰাকীক আহ্বান জনাই ৰাইজৰ দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *