Spread the love

বিটিআৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ, পৰিৱৰ্তনে ঢুকি নাপালে ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত।

বিটিআৰৰ ইএম সঞ্জীৎ তাঁতীৰ গৃহ সমষ্টিৰ গ্ৰাম্য পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক ।

বৰষুণ দিলে পথ নে পথাৰ ধৰিবয়ে নোৱাৰা হৈ পৰে ভেৰগাঁৱৰ সোণাজুলিৰ গ্ৰাম্য পথছোৱা ।

দৰং-ওদালগুৰি লোকসভা সমষ্টি তথা পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ জৰাজীৰ্ণ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে গাঁওবাসীক । ৰাজ্যৰ ত্ৰিপল ইঞ্জিনৰ চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ আছে তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰক মডেল চুইজাৰলেণ্ড নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি দি থকাৰ মাজতে এটা জৰাজীৰ্ণ পথে দৰং-ওদালগুৰি লোকসভা সমষ্টি তথা ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ সোণাজুলিৰ এটা গ্ৰাম্য পথৰ বাবে যমৰ যাতনা ভুগি আহিছে ।

বিভিন্ন সভা-সমিতিত পৰিৱৰ্তনৰ ফটাঢোল বজাই ফুলঝাৰি ভাষণ আগবঢ়োৱা মৃতযোঁজিত চৰকাৰৰ দিনত পিছে প্ৰান্তে-প্ৰান্তে আজিও দেখা নাপালে উন্নয়নৰ মুখ ।

এজাক বৰষুণতে বিটিআৰৰ ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সোণাজুলি-কালিখোলা সংযোগী পথছোৱা যাতায়তৰ বাবে অচল হৈ পৰে ।

দৈনিক কেইবাশতাধিক যান বাহন, স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা চাহপাত কঢ়িয়াই অনা বাহন এই পথত চলে যদিও যদিও বিধস্ত পথৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভুগি আহিছে । প্ৰতি বছৰে চৰকাৰ আহে আৰু যায় কিন্তু একমাত্ৰ যাতায়তৰ সাধাৰণ গ্ৰাম্য পথটো আজিও সুচল হৈ নুঠিল ।

অঞ্চলবাসীয়ে কেইবাবাৰো বিধস্ত পথ মেৰামতি কৰিবলৈ জনপ্ৰতিনিধি , ভিচিডিচিৰ অধ্যক্ষাক অনুৰোধ জনালে যদিও কোনেও অঞ্চলবাসীৰ এই দুখ দুৰ্দশা কৰ্ণপাত নকৰিলে ।

কেৱল মাথো মিছা প্ৰলোভন দেখুৱাই ঘৰিয়াঁলৰ চকু পানী টুকিবলৈ ৰাইজৰ মাজত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত উপস্থিত হয় জনপ্ৰতিনিধি সকল ।
প্ৰতিশ্ৰুতিৰ বন্যা কঢ়িয়াই অনা জনপ্ৰতিনিধি সকলৰ হেনো এতিয়া গাঁওবাসীৰ খৱৰ ল’বলৈ আহৰি নাই । এজাক বৰষুণতে পথ নে , পথাৰ নে , পুখুৰী ধৰিবয়ে নোৱাৰি সোণাজুলিৰ এই গ্ৰাম্য পথটো ।

বৰষুণ দিলে পথটোৰে যাব নোৱাৰে এম্বুলেন্স , ছাত্ৰ-ছাত্ৰী সকল যাব নোৱাৰে স্কুল-কলেজলৈ , ক্ষুদ্ৰ চাহ খেতিয়ক সকলে নিজৰ চাহপাত কঢ়িয়াব নোৱাৰে মুঠতে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰে গাঁওবাসী ।

ৰজাঘৰীয়াক বহুবাৰ কাকুতি-মিনতি কৰিও কোনো ধৰণৰ সহাৰী নোপোৱাত অৱশেষত পুনৰবাৰ সংবাদ মাধ্যমৰ যোগেদি জনপ্ৰতিনিধি সকলক পথটো মেৰামতি কৰিবলৈ কাতৰ আহ্বান জনাইছে গাঁওবাসীয়ে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *