Spread the love

*বিটিআৰৰ ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ জনপ্ৰিয় নেতা সঞ্জীত তাঁতী ৰ মহানুভতা ্

 

*নিজৰ গাঁঠিৰ ধনেৰে আগন্তুক ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণৰ কেন্দ্ৰৰ শুভ উদ্বোধন* ।

*তেওৰ উদেশ্য আৰু লক্ষ্য হৈছে ওদালগুৰি জিলাৰ সকলো শিক্ষিত যুৱক যুৱতীক দেশৰ সোঁ নাগৰিক, হৈ দেশ মাতৃৰ হকে কাম কৰা আৰু সমাজ পৰিৱৰ্তন ও নিজকে নিজেই কৰ্ম দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হোৱা*।

*অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন বিভাগৰ খালী হৈ ৰোৱা পদসমূহ পূৰণৰ অৰ্থে আগন্তুক জুলাই মাহত বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ছাত্ৰ-ছাত্ৰী তথা চাকৰি প্ৰত্যাশি যুৱক যুৱতী সকলৰ সুবিধাৰ্থে বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁন্তীয়ে এক দুমহীয়া বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে*।

 *১জুন তাৰিখৰ পৰা সমষ্টিটোৰ অন্তৰ্গত দুটাকৈ কেন্দ্ৰ ক্ৰমে হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়, বামুণজুলীত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰ আজি শুভ উদ্বোধন কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে*।

 *টংলাস্থিত শৈক্ষিক প্ৰতিষ্ঠান ‘প্ৰজ্ঞান’এ পৰিচালনাৰ দ্বায়িত্ব লোৱা প্ৰশিক্ষণ শিবিৰত ADRE তৃতীয়-চতুৰ্থ বৰ্গৰ লগতে অসম পুলিচ, বন বিভাগকে ধৰি বিভিন্ন বাচনি পৰীক্ষাৰ পাঠ্যক্ৰম সমূহ প্ৰদান কৰাা হ’ব বুলি উল্লেখ কৰে প্ৰতিস্থানটোৰ সদস্য বিভাস সেনগুপ্তাই*।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *