Spread the love

তামুলপুৰত ভূমি অধিকাৰ সুৰক্ষা মঞ্চ,বিটিচি, অসমৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা

বিটিচিৰ অ-জনজাতি সকলৰ বাবে পৃথক ভূমি নীতি প্ৰৱৰ্তনৰ দাবী

তামুলপুৰস্থ কলিতা আলপাইন জনগোষ্ঠী সন্মিলন,অসমৰ কাৰ্যালয়ত আজি ভূমি অধিকাৰ সুৰক্ষা মঞ্চ,বিটিচি অসমৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ভূমি অধিকাৰ সুৰক্ষা মঞ্চ,বিটিচি,অসমৰ কেন্দ্ৰীয় সভাপতি কেশৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত সাম্প্ৰতিক সময়ত বিটিচিত উদ্ভৱ হোৱা অ জনজাতি সকলৰ ভূমি সমস্যা আৰু নতুন ভূমি নীতি সম্পৰ্কে বিশত ভাৱে আলোচনা পৰ্যালোচনা কৰা হয় ৷ সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত ভূমি অধিকাৰ সুৰক্ষা মঞ্চ,বিটিচি অসমৰ সভাপতি কেশৱ ৰাজবংশীয়ে কয় বিটিচি চুক্তিৰ 4.3 নম্বৰ দফাত অজনজাতীয় লোকৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ কথা উল্লেখ আছিল যদিও আজি পৰ্যন্ত সমগ্ৰ বিটিচিত অ-জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হোৱা নাই৷-
বিগত ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি শাসন চলোৱাৰ পিছতো ভূমিৰ অধিকাৰ সুনিশ্চিত নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাজবংশীয়ে৷ তেও পুনৰ কয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মিছন বৈসুমতী আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ অ-জনজাতীয় লোকৰ ভূমিৰ সমস্যা সমাধান হোৱা নাই। সেয়ে ভূমি অধিকাৰ সুৰক্ষা মঞ্চ,বিটিচি অসমৰ কাৰ্যনিৰ্বাহক সভাই বিটিচিত বসবাস কৰা অ জনজাতীয় লোকৰ বাবে এখন নতুন ভূমি নীতিৰ প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰে অন্যথাই আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান ভূমি অধিকাৰ সুৰক্ষা মঞ্চ বিটিচি অসমৰ। অকল সেয়ে নহয় তেওঁলোকৰ দাবী সমূহ মানি নললে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে৷ আজিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত ভূমি অধিকাৰ সুৰক্ষা মঞ বিটিচি,অসমৰ কাৰ্যকৰী সভাপতি দমণ পাটোৱাৰী, কেন্দ্ৰীয় সম্পাদকদ্বয় পংকজ অসমীয়া আৰু নিলয় চলিহা,উপদেষ্টাদ্বয় দুলাল দাস আৰু নিৰেন সন্মানিত,কেন্দ্ৰীয় উপ সভাপতি গৌতম মল্ল বুজৰবৰুৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বাণী কান্ত মেধি,তাৰিণী বৈশ্য আৰু তামুলপুৰ,ভেৰগাও জিলাৰ বহুসংখ্যক সদস্য উপস্থিত থাকে৷###


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *