Spread the love

বিত্ত মন্ত্ৰী অজন্তা নেওগক স্মাৰক পত্ৰ প্ৰেৰণ–অঙ্গনবাদী কৰ্মী আৰু সহায়িকাৰ সন্থাৰ।

 

 

অসম ৰাজ্যিক অঙ্গনবাদী কৰ্মী আৰু সহায়িকা সন্থা তামুলপুৰ জিলা সমিতিয়ে অঙ্গনবাদী কৰ্মী আৰু সহায়িকা সকলে সন্মুখীন হৈ থকা সমস্যা সমাধানৰ বাবে আজি তামুলপুৰত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিত্ত মন্ত্ৰী অজন্তা নেওগক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তামুলপুৰ জিলা সমিতিৰ সভানেত্ৰী মেৰী বসুমতাৰী আৰু সম্পাদিকা নীলিমা ডেকাৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি অঙ্গনবাদী কৰ্মী সহায়িকা বিভাজন নকৰি বিটিচিৰ সকলো কৰ্মী সহায়িকা মৰ্য্যদা প্ৰদান কৰা, অঙ্গনবাদী কৰ্মীক ১২ হাজাৰ আৰু সহায়িকাক ১০ হাজাৰ টকা পাৰিশ্ৰমিক প্ৰদান কৰা, অসম ৰাজ্যিক অঙ্গনবাদী কৰ্মী আৰু সহায়িকাক চৰকাৰী কৰ্মচাৰী হিচাপে মৰ্যদা প্ৰদান কৰা, ভাৰত চৰকাৰৰ শ্ৰম আইন মতে অঙ্গনবাদী কৰ্মী আৰু সহায়িকা সকলোক মাহিলী প্ৰাপ্য বেতনৰ ব্যৱস্থা কৰা, অসম ৰাজ্যিক অঙ্গনবাদী কেন্দ্ৰৰ গৃহ উন্নতমান বিশিষ্ট কৰা আৰু অভিজ্ঞ কৰ্মী আৰু সহায়িকাৰ মাজৰ পৰাই পদোন্নতিৰ ব্যৱস্থা কৰা বাবে দাবী জনাই স্মাৰক পত্ৰখন প্ৰেৰণ কৰে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *