Spread the love

[ad_1]

বিদেশ ভ্ৰমণৰ সময়ত কোন মহিলা গৈছিল মুখ্যমন্ত্ৰীৰ সৈতে ? ৰহস্যময়ী মহিলাৰ আঁৰৰ কাহিনী ওলাই পৰাৰ লগে লগে বহু বিতৰ্কৰ অৱসান ঘটিল। অৱশেষত এই প্ৰশ্নৰ উত্তৰ দিলে খোদ মুখ্যমন্ত্ৰীয়ে।

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বিগত বৰ্ষত ভেটিকেন চিটিলৈ গৈছিল আৰু সেই সময়ত তেওঁৰ লগত এগৰাকী মহিলা আছিল। তাৰপাছতে বিৰোধীয়ে এই মহিলাগৰাকীক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

এই ৰহস্যৰ শাম কাটি বিজেডি অধ্যক্ষ নবীন পাটনায়কে বিধানসভাত কয় যে উক্ত মহিলাগৰাকীৰ নাম শ্ৰদ্ধা আৰু তেওঁ এগৰাকী ফিজিঅথেৰাপিষ্ট।

উৰিষ্যাৰ শৰতকালীন অধিৱেশন শেষ হোৱাৰ পূৰ্বে এই প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, তেওঁ মোৰ ফিজিঅথেৰাপিষ্ট আছিল। আৰু তেওঁ নাম শ্ৰদ্ধা।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ভগ্নী গীতা মেহতাই শ্ৰদ্ধাক তেওঁৰ লগত পঠিয়াইছিল। তেওঁ লগতে কয় যে, শ্ৰদ্ধা চৰকাৰী আৱাসত নাছিল আৰু তেওঁৰ খৰচ উৰিষ্যা চৰকাৰে বহন কৰা নাছিল।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *