Spread the love

বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনাই তামুলপুৰৰ দৰঙামেলাত ড্ৰাগছ বিৰোধী সজাগতা সভা।

বিশ্ব ধঁপাত বিৰোধী দিৱসৰ দিনাই তামুলপুৰৰ দৰঙামেলাত নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ উদ্যোগত আজি অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী সজাগতা সভা ।অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ সহযোগত আয়োজিত এই ড্ৰাগছ বিৰোধী সজাগতা সভাত অংশগ্ৰহণ কৰে ৬৪ বাহিনী এছ এছ বি বিষয়া এন কেচু সিং য়ে। নলবাৰীস্থিত নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ পৰিচালক বৰকট উল্লাৰ পৰিচালনাত অনুষ্ঠিত আজিৰ সজাগতা সভাত এন কেচু সিং য়ে কয় যে: সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছৰ প্ৰচলনে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে নৱ প্ৰজন্ম ইয়াৰ প্ৰতি আসক্ত হৈ ধ্বংসৰ পথত গতি কৰাৰ আগতেই অভিভাৱকৰ লগতে ৰাইজ সচেতন নহলে এটা সময়ত সমগ্ৰ অঞ্চল অন্ধকাৰত বুৰ যাব। আহি থকা দিনত নিজৰ সন্তানক কিদৰে নিয়ন্ত্ৰণত ৰাখি এই সমূহ কু প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰি এই সন্দৰ্ভত ৰাইজৰ আগত নিজৰ মত দাঙি ধৰে। সভাত নলবাৰীস্থিত নিৰ্ভয় নিচামুক্তি কেন্দ্ৰৰ মুখ্য কেন্দ্ৰ পৰিচালক গিতাৰ্থ শৰ্মায়ে নৱ প্ৰজন্মক এই মাৰাত্মক ড্ৰাগছৰ পৰা আঁতৰি থাকি নতুন সমাজ গঢ়াত আগুৱাই আহিবলৈ অনুৰোধ জনাই অভিভাৱক সকলৰ উদ্দেশ্য কয় যে: সময় থাকোতে সকলোৱে সজাগ সচেতন নহলে এটা সময়ত ড্ৰাগছ আসক্ত যুৱক সকলে পৰিয়ালৰ ওপৰতো অত্যাচাৰ আৰম্ভ কৰিব। ড্ৰাগছৰ জৰিয়তে কিদৰে মানৱ শৰীৰত এইচ আই ভি ৰোগে সংক্ৰমণ কৰে তাৰ ওপৰত বিশদ ভাবে আলোচনা কৰি কোনো লোকে বেছিকৈ আসক্ত হলে তেনে লোকক নিচামুক্তি কেন্দ্ৰত ৰখাৰ আহ্বান কৰে। ইপিনে আজিৰ সভাত এবিমছু, ৰাষ্ট্ৰীয় বজৰং দল, গৰীয়া মৰীয়া দেশী ছাত্ৰ সন্থাৰ কর্মী বৃন্দৰ লগতে স্থানীয় সমাজ সচেতন লোক সকলেও অংশগ্ৰহণ কৰি ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কে উপস্থিত ৰাইজক ভাষণ প্ৰদান কৰে। সভাত প্ৰায় শতাধিক স্থানীয় পুৰুষ মহিলাৰ লগতে সমাজ সেৱক সাহেবুদ্দিন খান, সঞ্জয় যশয়াল, গোপাল ঘোষ, আহত মৌলানাকে ধৰি বহু লোক উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *