Spread the love

[ad_1]

গুৱাহাটী, ১৬ ডিচেম্বৰ, ২০২৩ : পুনৰ জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। বৃহৎ পৰিমাণৰ নগদ ধন আৰু ব্ৰাউন চুগাৰসহ জালত পৰিল তিনিজন (Three Arrested With Drugs)। আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু ৩ লাখ ৩০ হাজাৰ ৫৫০ টকাসহ জালত পৰে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ ওজন প্ৰায় ৬২.৬৬ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এই সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। মহানগৰীৰ নুনমাটি অঞ্চলত আৰক্ষীয়ে।অভিযান চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধনসহ আটক কৰিবলৈ সক্ষম হয়। নুনমাটিৰ অনুৰাধা চিমেনা কপ্লেক্সৰ সমীপত শুকুৰবাৰে সন্ধিয়াৰ ভাগত আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষীৰ অভিযানত চান্দমাৰী অঞ্চলৰ মিন্টু ৰহমান আৰু কমলপুৰৰ চৈয়দ ইফটিকাৰ আজিজ নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ আৰক্ষীৰ জালত পৰে। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ৬২.৬৬ গ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ৩ লাখ ৩০ হাজাৰ ৫৫০ টকা জব্দ কৰে। আনহাতে চৈয়দ ইফটিকাৰ আজিজ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ৰাজীৱ জ্যোতি ৰাজবংশী নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

ৰাজীৱ জ্যোতি ৰাজবংশীৰ ঘৰ নুনমাটি অঞ্চলত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে। নুনমাটি অঞ্চলৰ বিভিন্ন প্ৰান্তত দীর্ঘদিন ধৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই আছে। মহানগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আছে যদিও মহানগৰীৰ বিভিন্ন অঞ্চলত মুকলিকৈ চলি আছে ড্ৰাগছৰ বেহা। শুকুৰবাৰ সন্ধিয়াৰ ভাগত মহানগৰ আৰক্ষীয়ে লাভ কৰা এই সাফল্য নিশ্চয়কৈ এক বৃহৎ সাফল্য বুলি নুনমাটি অঞ্চলৰ সচেতন ৰাইজে মন্তব্য প্ৰকাশ কৰে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *