Spread the love

[ad_1]

ভাৰতীয় বেংকত আনক্লেইমড ডিপ’জিট (Unclaimed Deposit) অৰ্থাৎ দাবী বিহীন আমানত বৃদ্ধি পাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ভাগৱত কে কাৰাডে ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত বেংকত দাবীহীন জমা ধন ২৮ শতাংশ বৃদ্ধি পাই ৪২,২৭০ কোটি টকা হৈছে।
কাৰাডে কয় যে ২০২১-২০২২ বিত্তীয় বৰ্ষত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকত ৩২,৯৩৪ কোটি টকাৰ দাবীহীন জমা হোৱাৰ তুলনাত ২০২৩ চনৰ মাৰ্চ মাহৰ শেষত এই ধনৰাশি ২৮ শতাংশ বৃদ্ধি পাই ৪২,২৭২ কোটি টকা হৈছে। ২০২৩ চনৰ মাৰ্চ মাহৰ শেষলৈকে ৰাজহুৱা খণ্ডৰ বেংকৰ হাতত ৩৬,১৮৫ কোটি টকাৰ দাবীহীন জমা ধন আছিল, আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ হাতত আছিল ৬,০৮৭ কোটি টকা।

দাবীহীন আমানত কি?
যদি আপোনাৰ ধন বেংকৰ সঞ্চয় বা কাৰেণ্ট একাউণ্টত ১০ বছৰ ধৰি ৰখা হয় কিন্তু এই গোটেই সময়ছোৱাত আপুনি কোনো ধৰণৰ লেনদেন নকৰে, তেন্তে এই একাউণ্টটোক দাবীহীন জমা হিচাপে গণ্য কৰা হয়। একেদৰে যদি আপুনি এফ ডি, আৰ ডি বা আন কোনো ধৰণৰ চেভিংছ/ইনভেষ্টমেণ্ট একাউণ্টত ১০ বছৰৰ মেচিউৰিটিৰ ভিতৰত ধন উলিয়াব নোৱাৰে তেন্তে সেয়া আনক্লেইমড ডিপ’জিটত পৰিণত হ’ব। এই একাউণ্টসমূহত থকা ধনখিনি বেংকে জমাকাৰী শিক্ষা আৰু সজাগতা (DEA) পুঁজিত জমা কৰে। ডি ই এৰ তত্বাৱধানত থাকে আৰ বি আই।

দাবী নকৰা জমা ধন কেনেকৈ পৰীক্ষা আৰু দাবী কৰিব?
দাবী নকৰা জমা ধনৰ সঠিক মালিকৰ সন্ধান উলিয়াবলৈ ২০২৩ চনৰ আগষ্ট মাহত আৰ বি আইয়ে আৰম্ভ কৰিছিল কেন্দ্ৰীয় ৱেব পৰ্টেল উডগাম (UDGAM)।

*প্ৰথমে লৈ যাওক।

*পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় তথ্য দিয়ক।

* এটা পাছৱৰ্ড ছেট কৰক আৰু কেপচা ক’ড দিয়ক।

* আপোনাৰ ফোনত লাভ কৰা OTP দিয়ক।

* এবাৰ পঞ্জীয়ন কৰাৰ পিছত, UDGAM পৰ্টেলত লগইন কৰক।

*একাউণ্টধাৰীৰ নাম লিখি তালিকাৰ পৰা বেংক নিৰ্বাচন কৰক।

*একাউণ্টধাৰীৰ পেন, ভোটাৰ আইডি, অনুজ্ঞাপত্ৰ বা পাছপ’ৰ্ট নম্বৰ দিয়ক।

*ইয়াৰ পিছত search button ত ক্লিক কৰক।

যদি আপোনাৰ নামত কোনো দাবী নকৰা জমা ধন আছে তেন্তে ই স্ক্ৰীণত প্ৰদৰ্শিত হ’ব।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *