Spread the love

ভাৰত-ভূটান সীমান্তত ধুমুহাৰ তাণ্ডৱ
বিস্তৰ ক্ষত
কথমপি প্ৰাণ ৰক্ষা শিশু সহ তিনিগৰাকী লোক।
বিদ্যুত যোগান ব্যাহত।
____________________________

ভেৰগাঁও

নিশা অহা ধুমুহা-বৰষুণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন।

প্ৰকৃতিৰ ৰুষ্টৰূপ ধাৰণত ৰাজ্যৰ কেইবাটাও স্থানত কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছি, বগৰীতল , সোণাজুলি , শুক্লাই , ৰজাগড় , দক্ষিণ কালিখোলাকে ধৰি কেইবাটাও অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে ।

ইফালে দক্ষিণ কালিখোলাত এটা পৰিয়ালৰ তিনিগৰাকী ব্যক্তিৰ কথমপি প্ৰাণ ৰক্ষা পৰে। দক্ষিণ কালিখোলা গাঁৱৰ ক্ষিৰোদ দাস , ৰিতুমনি দাস আৰু ফুলমতী দাসে ঘৰত শুই থকা অৱস্থাতেই প্ৰকাণ্ড নাৰিকল গছ বাগৰি পৰি সম্পূৰ্ণৰূপে দুটাকৈ বাসগৃহ চুড়মাৰ কৰাৰ ফলত গৃহহাৰা হৈ পৰে । আনহাতে খগেন দাস , জয়ধৰ দাস , চিনন্দ দাস , ৰৱেন্দ্ৰ দাস আৰু ইন্দ্ৰ মণ্ডল নামৰ পৰিয়াল কেইটাৰো ধুমুহাৰ লগতে অহা শিল বৰষুণত ঘৰৰ টিন-পাত ফুটি বিস্তৰ ক্ষতি সাধন কৰে। ইফালে বৃহত্তৰ অঞ্চলত বহুকেইটা পৰিয়ালৰ বতাহ-ধুমুহাত ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ উপৰিও খেতি-বাতি, সা-সম্পত্তি, তামোল-নাৰিকলৰ গছ উভালি পৰে ।

ইফালে পথত প্ৰকাণ্ড প্ৰকাণ্ড গছ ,বাহঁৰ চোপ , বিদ্যুত খুটা উভালি পৰাত অঞ্চলটোত বৰ্তমানো বিদ্যুত ব্যাহত হৈ আছে ৷ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়াল সমুহৰ লোকে ক্ষতিপূৰণ দিবলৈ বিটিআৰ তথা অসম চৰকাৰক দাবী জনাই ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *