Spread the love

ভাৰত ভূটান সীমান্তৰ দৰঙ্গামেলাত অবৈধ সুৰা জব্দ, দুজন লোকক আটক।

 

ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আবকাৰী বিভাগ আৰু ৬৪ নং এছছবিয়ে যৌথভাৱে অভিযান চলাই সুৰা সহ দুজন লোকক আটক কৰিবলৈ  সক্ষম হয় ৷ তামুলপুৰ আৱকাৰী বিভাগে অবৈধ ভূটানী সুৰা বিৰুদ্ধে প্ৰতিদিনে ধাৰাবাহিক ভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে চুবুৰীয়া  ৰাষ্ট্ৰ ভূটানৰ পৰা  অব্যাহত ৰাখিছে ভুটানী সুৰা সৰবৰাহ ৰমৰমীয়া ব্যৱসায়।

 

ভাৰত ভূটান সীমান্তৰ  দৰঙ্গামেলাত তামুলপুৰৰ আৱকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৈশ্য আৰু ৬৪ নং এছএছবিয়ে এক গোপন সূত্ৰৰ পম খেদি ২০ কাৰ্টুন ভূটানী সুৰা ভৰ্তি  এ এছ ০১ আৰ ৪৩২৬ নম্বৰৰ চাৰিচকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চাৰিচকীয়া বাহন খনেৰে ভূটানৰ পৰা সূৰা সমূহ কুমাৰীকাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু এছএছবিৰ লোকে সুৰা সহ বাহনখন জব্দ  কৰিবলৈ সক্ষম হয়।

 

 

পিছত আৱকাৰী বিভাগে জব্দকৃত সুৰা সহ বাহন খন আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে। ইপিনে আবকাৰী আৰু এছএছবিৰ লোকে দুগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজনৰ ক্ৰমে সুজন আৰ্য আৰু ৰূপনাল আৰ্য।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *