Spread the love

 

এখন ব্যতিক্ৰম বিয়া। গাঁৱৰ ৰাইজে ঘৰে ঘৰে টকা পইচা তুলি ধুম ধামেৰে পাতিছে বিয়া খন। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰজাগড়ত সমূহীয়া স্থানত সোমবাৰে আয়োজন কৰা হৈ এই বিয়া। কইনাৰ লগত নাই কোন ধৰণৰ যৌতুক। ভোজ ভাত, বেন পাৰ্টি , ৰভা, তোৰণ সকলো ব্যৱস্থাই কৰিছে এই বিয়া খনত। পিছে দৰা কইনাই যে নাজানে ৰাজাগৰৰ গঞা ৰাইজে কিয় পতিছে তেওঁলোকৰ এই বিয়া।

হয়! বিজ্ঞান প্ৰযুক্তিৰ যুগত মানুহে চুৰান্ত অন্ধ বিশ্বাস নে চৰকাৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা সেয়া একে আশাৰে কৈ দিব নোৱাৰে যদিও এই বিয়াই কৃষি পথাৰত পানী যোগান ধৰিব নোৱাৰা ৰাজ্য চৰকাৰে প্ৰতি চৰম ভ্ৰুকুটি।
বৰষুণৰ আশাৰে আকাশলৈ চাই চাই অধিৰ হৈ পৰা উত্তৰ অসমৰ ভূটান সীমান্তৰ ৰজাগড়ৰ চাহ খেতিয়ক, কৃষক ৰাইজে ভেকুলীৰ বিয়া পাতি, পূজা অৰ্চনা কৰি আৰু ঢেঁকী চুৰি কৰি যেন বৰষুণ নমাবলৈ বৃথা চেষ্টা কৰিছে এইদৰে।

এই বিয়ালৈ কৃষি মন্ত্ৰী, জল সিঞ্চন মন্ত্ৰীক আমন্ত্ৰণ জনোৱা নাই যদিও সংবাদ মাধ্যমৰ যোগেইদি দেখুৱাব বিচাৰিছে এই ভেকুলীৰ বিয়া। উদঙাই দিব বিচাৰিছে অসমৰ কৃষকৰ জীয়া সমস্যা।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *