Spread the love

ভেৰগাঁৱৰ ডিমাকুছিত আন্তঃ ইউনিট আৰ্চাৰী প্ৰতিযোগিতা সামৰণি ৷

 

ভেৰগাঁও

 

ভেৰগাঁও জিলা আৰ্চাৰী সন্থাৰ উদ্যোগত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে আন্তঃ ইউনিট আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

 

ডিমাকুছি আৰ্চাৰী ইউনিটৰ সহযোগত ডিমাকুছি শেখৰ শংকৰদেৱ মিচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

 

১২ বছৰৰ পৰা ১৭ বছৰ অনুৰ্ধলৈ কেবাটাও শাখাত ল’ৰা আৰু ছোৱালীৰ খেল অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভ উদ্ধোধন কৰে ডিমাকুছি এবছুৰ সভাপতি লবৰাম বড়োৱে ৷

 

আবেলি শ্ৰেষ্ঠতা পোৱা সকলক এটা পদক আৰু প্ৰমাণ পত্ৰৰে সন্মাণিত কৰা হয় ৷ বটাঁ বিতৰণী অনুষ্ঠানত বিটিআৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ,সাংস্কৃতিক আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দাউবাইচা বড়োৱে অংশলৈ বিটিআৰ চৰকাৰে বৰ্তমান খেলৰ প্ৰতি অধিক মনোযোগ দি সুস্থ সমাজ গঢ়িবলৈ প্ৰয়াস চলাইছে আৰু খেল বিভাগতে আধৰুৱা হৈ থকা বিভাগীয় পদ সমূহ পূৰণ কৰি প্ৰশিক্ষক সকলক নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰি খেলুৱৈ আৰু অভিভাৱক সকলক নিজৰ ল’ৰা-ছোৱালীক খেলত মনোনিবেশ কৰাবলৈ যত্ন লোৱাৰ সময় হৈছে বুলি কয়।বটাঁ বিতৰণী অনুষ্ঠানত অসম আৰ্চাৰী সন্থাৰ উপসভাপতি এল পি সিং,ভেৰগাঁও জিলা আৰ্চাৰী সন্থাৰ সাধাৰণ সম্পাদক হেম কুমাৰ বসুমতাৰী সহিতে ভেৰগাঁও ,খাগ্ৰাবাৰী ,ডিমাকুছি আৰু খৈৰাবাৰী ইউনিটৰ সভাপতি সম্পাদক প্ৰমুখ্যে শতাধিক আৰ্চাৰী খেলুৱৈ সকলে অংশ লয় ৷

 


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *