Spread the love

ভেৰগাঁৱৰ শুক্লাইত কৰ্কট ৰোগত আক্ৰান্ত বাবু সিং গোড়ক সহায়ৰ প্ৰয়োজন।

 

*স্বাস্থ্যমন্ত্ৰী মুখ্যমন্ত্ৰীলৈ চিকিৎসাৰ সহায় বিচাৰি কাতৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ ।*

_________________________________

 

অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি হাহাকাৰ কৰা এগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তিক আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হোৱাত এতিয়া দিক-বিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ খৱৰে এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে । কোনোমতে দিন-হাজিৰা কৰি পৰিয়াল চলোৱা বাবু সিং গোঁড় নামৰ ষাঠীশোৰ্ধৰ লোকজনে অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ৱলগীয়া হৈছে । ভেৰগাঁৱৰ (শুক্লাই) আটাৰীখাট জংঘলবস্তি গাঁৱৰ এটি জুপুৰীত পুত্ৰ কন্যা আৰু পত্নীৰ সৈতে বাস কৰে বাবু সিং গোঁড়ে ৷ চাহ বাগিছাত দিন-হাজিৰা কৰি অতদিনে পৰিয়াল চলাই আহিছিল লোকজনে ৷ কিন্তু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পাছৰে হাজিৰা কৰাৰ পৰিৱৰ্তে চিকিৎসালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া হৈছে দৰিদ্ৰতাই কোঙা কৰা বাবু সিং গোঁড়ে ৷ চিকিৎসাৰ নামত হাতত থকা টকা কেইটা শেষ কৰি এতিয়া মুৰে কপালে হাত দিছে তেওঁ ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তথা দৰিদ্ৰতাই কোঙা কৰা বাবু সিং গোঁড়ক উন্নত চিকিৎসাৰ বাবে এতিয়া স্বাস্থ্যমন্ত্ৰী , মুখ্যমন্ত্ৰী , জনপ্ৰতিনিধি তথা সমূহ ৰাইজৰ ওচৰত কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । সেয়েহে তেখেতৰ চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ মোৰ অকমান সহাৰিৰ ৷ আপোনালোকৰ কিঞ্চিত সঁহাৰিয়ে হ’য়তো ঘৰখনলৈ পুনৰ হাঁহি ওভতাই আনিব । কোনো সুহৃদয় লোকে লোক জনক সহায় কৰিব বিছাৰিলে ডিমাকুছি শাখাৰ চেণ্ট্ৰেল বেংকৰ *AC/NO : 2307492332 , IFSC CBINO 281586* নম্বৰ অথবা 9678740798 নম্বৰ যোগাযোগ কৰিব পাৰে ৷


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *