Spread the love

মহানগৰীৰ গৰলীয়াত শতিকা পুৰনি কালী পূজা।

শ্ৰী শ্ৰী মা দক্ষিনা কালী মন্দিৰত বেলতলা ৰজাৰ দিনৰে পৰা পালন কৰি অহা হৈছে বৈষ্ণৱী কালি পূজা।

আহোম ৰাজত্ব কালৰে পৰা চলি আহিছে এই কালী পূজা খন।

বেলতলাৰ ৰজাৰ অধীনত থকা বেলতলা মৌজাৰ ১৬ খন কৈ গাওৰ লোকে পালন কৰি আহিছে এই পূজা খন।

ঐতিহ্য মতে জেঠ মাহৰ অমাবস্য তিথি আয়োজন কৰা হয় কালি পুজা।ৰজাই হাতীৰে আহি এই স্থানত অমাবস্যৰ দিনটোত পুজা অৰ্চনা কৰি অমাবস্যাৰ পিছৰ দিনটোৰ পৰা খেতি বাটিৰ কাম কাজ আৰম্ভ হয়।যাতে নদন বদন হয় খেতি বাটি

মা-দক্ষিনেশ্বৰী নামৰ ষ্মৰনিকা উন্মোচন, উন্মোচন কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই,অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ শান্তিৰাম ডেকাকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

৬ বিঘা ভূমিত থকা থান খনৰ পৰিৱেশে সুকীয়া, হিন্দু মুছলমান শিখ সকলো ধৰ্মৰ লোকে অংশগ্ৰহন কৰে পূজা খনত।

কালী পূজাখনত বলি বিধানৰ বিপৰীত উচৰ্গা কৰা হয় পাৰ, ছাগলী।

ৰাতিপুৱাৰ ভাগৰ পৰা চলিছে পুজা অৰ্চন,নাম প্ৰসংগ ।১৬ খন কৈ গাওৰ আয়তীয়ে গাৱ নাম,

মনৰ বাঞ্চা পুৰ্ন হোৱাৰ উদ্দেশ্যে,লগতে খেতি কৰ্ম ভাল হওক বুলি কৰিলে প্ৰাৰ্থনা,

সমান্তৰাল ভাৱে মন্দিৰ চৌহদত ১০ হাজাৰ লোকে গ্ৰহন কৰিৱ লখু আহাৰ, দুপৰীয়াৰ ভোগ……

প্ৰচাৰ বিমুখ হয় থকা মন্দিৰ/থান খনে বহন কৰিছে ৫০০ শতিকা পুৰনি কৃতী চিহ্ন লগতে সোৱৰন কৰিছে ৰজা মহাৰজাক ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *