Spread the love

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ভোটদান।

পাঁচটা লোকসভা সমষ্টিৰ অন্যতম ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি। ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া।ডিব্ৰুগড় লোকসভা সমষ্টিত তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে,ইয়াৰে বিজেপি মিত্ৰজোটৰ হৈ সৰ্ব্বানন্দ সোণোৱালে,কংগ্ৰেছ মিত্ৰজোটৰ হৈ লুৰিনজ্যোতি গগৈ আৰু আম আদমী পাৰ্টীৰ হৈ মনোজ ধানোৱাৰে।মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১,৬৯,৯৩ গৰাকী।পুৰুষ ভোটাৰ ৮৪,০৪৬ জনৰ বিপৰীতে মহিলা ভোটাৰ ৮৫,৮৮৬ গৰাকী। মুঠ ভোটদান কেন্দ্ৰ সংখ্যা ১৯৪ টা।মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই পুৱা ভাগতেই নিজৰ মৌলিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে।বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।*


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed