Spread the love

[ad_1]

শিৱসাগৰঃ “মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ অন্যতম ৰাজনৈতিক এজেন্ট হ’ল বদৰউদ্দিন আজমল ৷ বিধানসভা নিৰ্বাচনেই  হওক বা লোকসভা নিৰ্বাচনে হওক, এই নিৰ্বাচন সমূহৰ প্ৰাকক্ষণত হিমন্ত বিশ্বশৰ্মাই এখন কাৰ্ড খেলে ৷ সেই কাৰ্ড হ’ল আজমল ” – এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক  শংকৰজ্যোতি বৰুৱাৰ ৷ বুধবাৰে শিৱসাগৰত আছু নেতা গৰাকীয়ে এই বিস্ফোৰক মন্তব্য কৰে ৷

আজি শিৱসাগৰলৈ অহা আছু নেতা শংকৰজ্যোতি বৰুৱাই আজমলৰ বক্তব্যৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে –  এ আই ইউ ডি এফৰ নেতা বদৰউদ্দিন আজমল মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ ডাঙৰ এজেণ্ট ৷ হিমন্ত বিশ্বশৰ্মাৰ এজেণ্ট হিচাপে আজমলে প্ৰতিটো নিৰ্বাচনত কাম কৰি আহিছে ৷ তেওঁ কয় মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণ কৰাৰ বাবে  ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এজন ব্যক্তি আছে ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *