Spread the love

মুম্বাই আৰু ছেকেন্দ্ৰাবাদৰ সৈতে উত্তৰ-পূৰ্ব্বাঞ্চলৰ দূৰৱৰ্তী এলেকাসমূহৰ পোনপটীয়া সংযোগ

মালিগাঁও, ২৮ ছেপ্টেম্বৰ, ২০২৩:

আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত ৰে’ল মন্ত্ৰালয়ে ভাৰতৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ চহৰসমূহক উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন প্ৰান্তৰ সৈতে ৰে’ল সংযোগ উন্নত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰেল নং. ১২৫১৩/১২৫১৪ ছেকেন্দ্ৰাবাদ-গুৱাহাটী সাপ্তাহিক এক্সপ্ৰেছ ৰে’লখন দক্ষিণ অসমৰ শিলচৰলৈ সম্প্ৰসাৰিত কৰা হৈছে। গুৱাহাটী আৰু শিলচৰৰ মাজত বদৰপুৰ, নিউ হাফলং, লামডিং, হোজাই আৰু জাগীৰোড ষ্টেচনত এই ৰেলখনৰ ষ্টপেজ থাকিব। একেদৰে ৰেল নং. ১২৫১৯/১২৫২০ (লোকমান্য তিলক-কামাখ্যা) সাপ্তাহিক এক্সপ্ৰেছ ৰেলখন ত্ৰিপুৰাৰ আগৰতলালৈ সম্প্ৰসাৰিত কৰা হৈছে। গুৱাহাটী আৰু আগৰতলাৰ মাজত আম্বাছা, ধৰ্মনগৰ, বদৰপুৰ, নিউ হাফলং, লামডিং, হোজাই আৰু চাপৰমুখ ষ্টেচনত এই ৰেলখনৰ ষ্টপেজ থাকিব।

এই ৰে’ল সেৱাসমূহে উত্তৰ-পূৰ্ব্বাঞ্চলৰ দূৰৱৰ্তী অঞ্চলসমূহক মুম্বাই আৰু ছেকেন্দ্ৰাবাদৰ সৈতে সংযোগ কৰিব।

ৰেল নং. ১২৫১৪ (শিলচৰ-গুৱাহাটী-ছেকেন্দ্ৰাবাদ) এক্সপ্ৰেছ ৰেলখন এতিয়া বুধবাৰে সন্ধিয়া ৭.৪৫ বজাত শিলচৰ ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি শুক্ৰবাৰে পুৱা ৩.৩৫ বজাত ছেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰেল নং. ১২৫১৩ (ছেকেণ্ড্ৰাবাদ-গুৱাহাটী-শিলচৰ) এক্সপ্ৰেছ ৰেলখন শনিবাৰে বিয়লি ৪.৩৫ বজাত ছেকেন্দ্ৰাবাদ ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি সোমবাৰে নিশা ১১.৪৫ বজাত শিলচৰ ষ্টেচনত গৈ উপস্থিত হ’ব।

ৰেল নং. ১২৫২০ (আগৰতলা-কামাখ্যা-লোকমান্য তিলক) এক্সপ্ৰেছ ৰেলখন বৃহস্পতিবাৰে পুৱা ৬ বজাত আগৰতলা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু শনিবাৰে বিয়লি ৪.১৫ বজাত লোকমান্য তিলক ষ্টেচনত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰেল নং. ১২৫১৯ (লোকমান্য তিলক-কামাখ্যা-আগৰতলা) এক্সপ্ৰেছ ৰেলখন লোকমান্য তিলক ষ্টেচনৰ পৰা দেওবাৰে ৰাতিপুৱা ৭.৫০ বজাত প্ৰস্থান কৰিব আৰু মঙলবাৰে সন্ধিয়া ৭.৫০ বজাত আগৰতলা ষ্টেচনত গৈ উপস্থিত হ’ব।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *