Spread the love

[ad_1]

আকস্মিকভাৱে আজি মুম্বাই ইণ্ডিয়ানছত অৱসান ঘটিল দশক যোৰা ‘ৰোহিত শৰ্মা যুগ’ৰ। কেৱল মুম্বাই ইণ্ডিয়ানছৰে নহয়, আই পি এল ইতিহাসৰে শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হোৱা ৰোহিত শৰ্মা আগন্তুক ছিজনত নাথাকিব ফ্ৰেন্সাইজিটোৰ অধিনায়ক হিচাপে।

ৰোহিত শৰ্মাৰ স্থানত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে স্থলাভিষিক্ত হৈছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। লক্ষণীয়ভাৱে আগন্তুক ছিজনৰ প্ৰাকমুহূৰ্তত গুজৰাট টাইটানছৰ পৰা মুম্বাই ইণ্ডিয়ানছলৈ আশ্বৰ্যকৰভাৱে বাণিজ্যিক স্থানান্তৰ ঘটিছিল পাণ্ডিয়াৰ।

মুম্বাইৰ পৰাই আই পি এল কেৰিয়াৰ আৰম্ভ কৰা হাৰ্দিকে যোৱা দুটা ছিজনত গুজৰাট টাইটানছৰ নেতৃত্ব দি লাভ কৰিছিল সফলতা। অভিষেক ছিজনতে পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে খিতাপ জয় কৰাৰ পৰিৱৰ্তে বিগত ছিজনত হৈছিল ৰাণাৰ্চ আপ।

এতিয়া নিজৰ পুৰণি ফ্ৰেন্সাইজিলৈ পুনৰ ঘূৰিয়ে হাৰ্দিক পাণ্ডিয়াই অধিনায়ক হিচাপে দায়িত্ব বহন কৰিব। দলটোৰ প্ৰশিক্ষক মাহেলা জয়াৱৰ্ধনেই মুম্বাই ইণ্ডিয়ানছে ভৱিষ্যতৰ বাবে সাজু হোৱাৰ যি পদ্ধতি তাৰে অংশ বুলি মন্তব্য কৰে।

তেওঁ লগতে ফ্ৰেন্সাইজিটোত ৰোহিত শৰ্মাৰ বৰ্ণিল নেতৃত্বগত কৃতিত্বৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে আৰু ২০১৩ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ কাৰ্যকাল অসাধাৰণ বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ২০১৩ চনৰ আই পি এলৰ মাজভাগত ৰিকি পণ্টিঙৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দায়িত্ব লয় ৰোহিতে আৰু ফাইনেলত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰি দলটোক প্ৰথমটো আই পি এল খিতাপৰ সোৱাদ দিয়ে।

একেটা বৰ্ষতে ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে চেম্পিয়নছ লীগৰ খিতাপো দখল কৰে। গত এটা দশক দলটোক নেতৃত্ব দিয়া ৰোহিত শৰ্মাৰ তত্বাৱধানতে মুম্বায়ে ৫টা আই পি এল খিতাপ দখল কৰিছে।

এইদৰে চেন্নাই ছুপাৰ কিংছৰ সৈতে প্ৰতিযোগিতাখনৰ ইতিহাসত যৌথভাৱে সফল দল তথা অধিনায়ক হিচাপে পৰিগণিত হয় ৰোহিত। তাৰকাগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছক মুঠ ১৫৮ খন মেচত নেতৃত্ব দি ৮৭ খনত বিজয়ৰ মুখ দেখিছিল।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *