Spread the love

যাত্ৰা পথৰ বিফলতা পৰিহাৰ কৰিবলৈ কৌশলগতভাৱে
উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা হট এক্সেল বক্স ডিটেক্টৰ স্থাপন

মালিগাওঁ, ১০ জুন, ২০২৪:

ৰে'লৰ সুৰক্ষিত চলাচল এক মৌলিক গুৰুত্বপূৰ্ণ বিষয় হিচাপে লৈ, উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰা পথত হট
এক্সেল ফেইলাৰ চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। তাৰ বাবে, ষ্টেচনৰ প্লেটফৰ্ম চাইডৰ প্ৰান্তত য'ত
ৰেলসমূহৰ ৰোলিং ইন আৰু ৰোলিং আউট পৰীক্ষা কৰা হয়, কৌশলগতভাৱে হট বক্স ডিটেক্টৰ (এইচবিডি) স্থাপন
কৰা হয়। চেন্সৰ আধাৰিত এই এইচবিডিয়ে চলন্ত ৰেলত হট এক্সেলৰ ঘটনা চিনাক্ত কৰিব আৰু ৰেল কৰ্মচাৰীসকলক
প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে সতৰ্ক কৰিব। ডবা আৰু ৱাগনৰ চকাৰ অবিৰত চলাচলৰ ফলত, বল বিয়েৰিং
কেতিয়াবা বিকল হয়, যাৰ ফলত এক্সেলৰ তাপমাত্ৰা বৃদ্ধি হয়। ইয়াক হট এক্সেল বুলি কোৱা হয়। হট এক্সেলৰ
ঘটনাৰ বিভিন্ন কাৰণ আছে, যাৰ ভিতৰত আছে অভাৰলোডিং, বিয়েৰিঙৰ ত্ৰুটিপূৰ্ণ স্থিতি আৰু অন্যান্য কাৰণ।
চেন্সৰ আধাৰিত এইচবিডিৰ দ্বাৰা মালবাহী ৰেলত হট এক্সেলৰ ২০২০-২১ বৰ্ষত ০৭ টা, ২০২১-২২ বৰ্ষত
০৯ টা, ২০২২-২৩ বৰ্ষত ১৪ টা ঘটনা আৰু ২০২৩-২৪ বৰ্ষত এটা ঘটনা চিনাক্তকৰণ কৰা হয়।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ কিছুমান গুৰুত্বপূৰ্ণ ষ্টেচনত ১৬ টা হট বক্স ডিটেক্টৰ স্থাপন কৰা হৈছে। এই
ষ্টেচনবোৰৰ ভিতৰত আছে কামাখ্যা (০২ টা), গুৱাহাটী (০৪ টা), নিউ বঙাইগাঁও (০১ টা), ৰঙাপাৰা নৰ্থ (০১
টা), নিউ জলপাইগুড়ী (০৪ টা) আৰু কাটিহাৰ (০৪ টা)।
যিহেতু ৰে'ল সুৰক্ষাৰ ক্ষেত্ৰত হট এক্সেল বিশেষভাৱে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়, উত্তৰ পূব সীমান্ত ৰে'লৱেই
সুৰক্ষাৰ উপৰিও ৰে'ল পৰিচালনত সময়ানুৱৰ্তীতাৰ ক্ষতি প্ৰতিহত কৰিবলৈ ৰে'ল কৰ্মচাৰীক কাউন্সেলিং কৰা আৰু
সুৰক্ষা মানদণ্ডৰ ওপৰত আন্তঃ বিভাগীয় সমন্বয়কে ধৰি জোৰদাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *