Spread the love

যাত্ৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ বাবে বিগত বৰ্ষৰ সময়চোৱাত দহ খন

নতুন ফুট অভাৰ ব্ৰীজ কাৰ্যকৰীকৰণ

মালিগাওঁ, ২৬ মে, ২০২৪:

উত্তৰ পূব সীমান্ত ৰে'লৱেই প্ৰয়োজন অনুসৰি ইয়াৰ সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহত অধিক ফুট অভাৰ
ব্ৰীজ (এফওবি) নিৰ্মাণ কৰি যাত্ৰীসকলৰ সুৰক্ষা, সা-সুবিধা আৰু আৰাম অবিৰতভাৱে বৃদ্ধি কৰি আহিছে। ৰেলৱেত
যাত্ৰীসকলৰ সুৰক্ষা আৰু সা-সুবিধা বৃদ্ধি কৰিবলৈ সাধাৰণতে ৰে'ল ষ্টেচনৰ প্লেটফৰ্মসমূহৰ মাজৰ ব্যৱধান দূৰ কৰাৰ
অৰ্থে, কিছুমান বিশেষ স্থানত এফওবি নিৰ্মাণ কৰা হয়। ৰেলত উঠা বা নমাৰ সময়ত যাত্ৰীসকলে যাতে সুৰক্ষিতভাৱে
এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ অহা-যোৱা কৰিবৰ বাবে ই হৈছে আটাইতকৈ বেছি ব্যৱহৃত পথ। এফওবিসমূহ
সাধাৰণতে ষ্টীল বা কংক্ৰিটৰ দ্বাৰা নিৰ্মিত আৰু ইয়াক মুকলিকৈ বা ঢাকি ৰাখিব পৰা যায়।
উত্তৰ পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া- পাঁচোটা মণ্ডলতে
বিভিন্ন প্ৰস্থ আৰু দৈৰ্ঘ্যৰ ২৭৯ খন কাৰ্যক্ষম এফওবি আছে। পূৰ্বৰ বিত্তীয় বৰ্ষ ২০২৩-২৪ত মুঠ ১০ খন নতুন ফুট
অভাৰ ব্ৰীজ এই সংমণ্ডলৰ ৰঙিয়া আৰু কাটিহাৰ মণ্ডলত নিৰ্মাণ কৰা হৈছে। ৰঙিয়া মণ্ডলৰ অধীনত আজাৰা,
পাতিলাদহ, সৰভোগ, শিংৰা, বকো, বামুণীগাঁও, চাংসাৰি, ছয়গাঁও আৰু বাইহাটা ষ্টেচনত এখনকৈ এফওবি নিৰ্মাণ
কৰা হয়। কাটিহাৰ মণ্ডলৰ হৰিশ্চন্দ্ৰপুৰ ৰেল ষ্টেচনত এখন নতুন এফওবি নিৰ্মাণ কৰা হৈছে।
ৰে'লৱেই যাত্ৰীসকলৰ বাবে ৰে'ল ষ্টেচনসমূহত অত্যাধুনিক সা-সুবিধা, যেনে লিফ্ট আৰু এস্কালেটৰ, এফওবি,
আপ-ক্লাছ ৱেটিং লাউঞ্জ ইত্যাদিৰ ব্যৱস্থা কৰিছে। 'অমৃত ভাৰত ষ্টেচন আঁচনি'ৰ অধীনত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ
কিছুমান নিৰ্বাচিত ষ্টেচনত ৫৬ খন নতুন এফওবি নিৰ্মাণ কৰা হ'ব যাতে ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলক উন্নত
সুৰক্ষা আৰু সা-সুবিধা প্ৰদান কৰিব পৰা যায়|


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *