Spread the love

 

লখিমপুৰৰ কাছজুলিত হাতী মানুহৰ সংঘাট।

 

একে সপ্তাহতে একেটা পৰিয়ালৰ দুবাৰকৈ ভাঙিলে ঘৰ।কাছজুলি বনবিষয়া কাৰ্যালয়ৰ সমীপৰে দীগন্ত বৰা আৰু চম্পা বৰাৰ ঘৰত নিশা প্ৰায় ৯ মান বজাতে বনৰীয়া হাতী আহি ঘৰ ভাঙি তহিলং কৰে।

জানিব পৰা মতে হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তগত কাছজুলিত বিভিন্ন সময়ত হাতীয়ে ঘৰ ভাঙি উপদ্ৰৱ কৰি অহাৰ পিছতো বনবিভাগ আৰু প্ৰশাসনৰ নাই গুৰুত্ব।

ৰঙা বন সংৰক্ষিত এলেকাৰ নিচেই কাষতে বনবিভাগৰ কাৰ্যালয় লাগি থকাৰ পিছতো এফালৰ পৰা অৰুণাচলীয়ে বনৰ্ধংস কাৰ্য চলাই থাকে বুলি স্থানীয় ৰাইজে অভিযোগ তুলি আহিছে।যাৰ ফলত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি আহি মানুহৰ ঘৰ ভাঙি তহিলং কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed