Spread the love

[ad_1]

গ্ৰেপ্তাৰৰ পিছতেই চোৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে  চোৰ কেইটাৰ জিম্মাৰ পৰা এখন কলা ৰঙৰ ব’লেৰ গাড়ী,এখন ৰঙা ৰঙৰ টাটা মেজিক, নগদ ১৬ হাজাৰ ৫ শ টকাৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী  উদ্ধাৰ কৰিছে ৷

পুৱতি নিশাৰ অভিযানত আটাই কেইটা গভাইত চোৰ আটক কৰাৰ পিছতেই চেৰেকাপাৰৰ উদীপ্ত গগৈৰ জিম্মাৰ পৰা উদ্ধাৰ হয়  চুৰি সামগ্ৰী সমূহ ৷ অংকুশ  গোৱেলৰ জিম্মাৰ পৰা কলা বৰণৰ বলেৰ গাড়ীখন আৰু ফিৰোজৰ জিম্মাৰ পৰা ৰঙা ৰঙৰ টাটা মেজিক খন আৰক্ষীয়ে উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় ৷

শিৱসাগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷ ইফালে নিজৰ প্ৰতিষ্ঠানত চুৰি কাৰ্য্য সংঘটিত হোৱাৰ পিছতেই ওম প্ৰকাশ কেডিয়াই সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত ১৬৭/ ২৩ নম্বৰৰ এটা গোচৰ ৰূজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি ৩৮০/ ৪৫৭ নং ধাৰাত অংকুশ, অমিত, ফিৰোজ, হুনতু আৰু উদীপ্তক বিয়লি আদালতত হাজিৰ কৰায় ৷ বৰ্তমানেও চুৰি কাৰ্য্যৰ লগত আন এটা চোৰ পলাতক অৱস্থাত আছে ৷

উল্লেখ্য যে ষ্টেচন  চাৰিআলিৰ ৰে’লৱে ষ্টেচনৰ নিবাসী ফিৰোজ আহমেদ ওৰফে বেটাৰ বিৰুদ্ধে আছে একাধিত চুৰিৰ অভিযোগ ৷ ইফালে বিগত সাতটা বছৰ শিৱসাগৰৰ ব্যৱসায়ীক মহলত বিভিন্ন প্ৰক্ৰিয়াৰে সন্ত্ৰাস চলাই অহা অংকুশ গোৱেল ওৰফে আশু গোৱেলে অনা – অসমীয়া ব্যৱসায়ীক আলফাৰ নাম লৈ ধন দাবী কৰাৰ লগতে একাধিক চুৰিৰ গোচৰত নিজৰ নাম সাঙুৰ খাইছিল ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed