Spread the love

[ad_1]

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে যোৰহাট জিলা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক সাক্ষাৎ কৰি মঙলবাৰে স্মাৰক পত্ৰ প্ৰদান কৰে। লগতে এক আলোচনাত মিলিত হয়৷ বৃহত্তৰ বৰহোলা অঞ্চলৰ জৰাজীৰ্ণ বাট-পথ সমূহ নিৰ্মাণৰ দাবী জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰে।

বৰহোলা অঞ্চলৰ বাট পথ সমূহ বিধ্বস্ত হোৱা কাৰণে সঘনাই পথছাৰী দুৰ্ঘটনাগ্ৰস্ত হোৱা লগতে বৰহোলা তিতাবৰ সংযোগী ন-আলি পথৰ কাম খৰতকীয়া কৰা, বৰহোলা নগাবাট সংযোগী পথ পুনৰ নিৰ্মাণ কৰা, বৰহোলা মহিমাবাৰী সংযোগী পথ পুনৰ নিৰ্মাণ কৰা, বৰহোলা আঠখেলীয়া সংযোগী পথ পুনৰ নিৰ্মাণ কৰা আৰু সমগ্ৰ বৰহোলা অঞ্চলটোৰ গাঁও সমূহৰ বাট পথ সমূহ নিৰ্মাণৰ দাবী সম্বলিত স্মাৰক প্ৰদান কৰে লগতে বৰহোলাৰ নগৰৰ মাজমজিয়াত অৱস্থিত পুখুৰী সদৃশ গাঁতসমূহ শীঘ্ৰে পুঁতি পেলোৱাৰ দাবী জনায়।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *