Spread the love

সংযক্ত মুছলিম জাগৰণ মঞ্চৰ উদ্যোগত বাঙালীপাৰাত সম্বৰ্ধনা অনুষ্ঠান শৈক্ষিক সজাগতা সভা।

 

আজি ১৯ মে’ত কনকলতা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গন বাঙালীপাৰাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সংযুক্ত মুছলিম জাগৰণ মঞ্চৰ সভাপতি পৰহেজ আলীয়ে। ইয়াৰ পিছতে কেবাজনো বিশিষ্ট লোকে বৃক্ষ ৰোপন কৰে। দিনৰ ১২ বজাত পৰহেজ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিবি কিষাণ কলেজ জালাহৱ সহযোগী অধ্যাপক ড০দেৱান নজৰুল কাদিৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ বাঙালীপাৰা,উপৰখুটি,দেওচুঙা ডোঙাৰগাও আৰু নাওবান্ধা ৰাদহ গাওঁৰ মুঠ ৭৫ গৰাকী শিক্ষাৰ্থী ক সম্বৰ্ধনা জনোৱা হয়। শৈক্ষিক দিশত সংখ্যা লঘু ছ্ত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সভাত বিশিষ্ট অতিথি হিচাপে কটন বিশ্ববিদ্যালয়ৰ গেষ্ট ফেকাল্টি সমাজতত্ব বিভাগৰ ড০ চাহিদুল ইছলামৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *