Spread the love

সদৌ অসম বৰ্মণ মান্দাই ছাত্ৰ সন্থাৰ কোকৰাঝাৰৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন।

 

আগন্তুক দিনত চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰি তামুলপুৰত সাংবাদিকৰ আগত মন্তব্য–

 

সদৌ অসম বৰ্মণ মান্দাই ছাত্ৰ সন্থাই কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তেওঁলোকৰ জনগোষ্ঠীৰ কেতবোৰ সমস্যা সমাধানৰ অৰ্থে একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে তথা আগন্তুক তৃতীয় পৰ্যায়ত হব লগীয়া লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন জনায়।

 

সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁলোকৰ সমস্যা সমূহৰ ভিতৰত মুখ্যত জনজাতিৰ প্ৰমাণ পত্ৰ, ডি ভোটাৰ সমস্যা, বর্মন মান্দাই জনগোষ্টিৰ আৰ্থ-সামাজিক, আৰু ৰাজনৈতিক সমস্যা সমূহ স্থায়ী-ভাৱে সমাধানৰ বাবে বিধান সভাৰ মজিয়াত সজোৰে উপস্থাপন কৰাকে আদি কৰি জনগোষ্ঠীটোৰ সমস্যা সমূহ সমাধান কৰিলে আগন্তুক দিনত বৰ্মণ মান্দাই ছাত্ৰ সন্থাই চৰকাৰৰ পক্ষত থাকি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *