Spread the love

অসম আন্দোলনৰ অগ্ৰণী নেতা,সাংস্কৃতিক কৰ্মী, এসময়ৰ সমাজ নিৰ্মাতা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক বৈকুণ্ঠ ৰাম মহন্তৰ দেহাৱহান।

অসমৰ এসময়ৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ, সুৰদেৱী, ৰংঘৰ, মাধৱদেৱ, বৰদৈচিলা, চম্পাবটিকে ধৰি কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী ৰূপে নিজৰ শিল্পী সত্বাৰ পৰিচয় দাঙি ধৰা বৈকুণ্ঠ ৰাম মহন্তৰ বৰ্ধক্যজনীত কাৰণত পয়াশী বছৰ বয়সত আজি নিশা 11-10 বজাত মৃত্যু হয়। তামুলপুৰৰ গোৱালবিল গাঁও নিবাসী বৈকুণ্ঠ ৰাম মহন্তৰ জন্ম হৈছিল ১৯৪০ চনত মুকালমুৱাৰ বৰতলা গাঁৱত। ১৯৫৭ চনত মুকালমুৱা বৰতলা গাঁৱৰ পৰা তামূলপুৰৰ গোৱালবিল গাঁৱত বসতি স্থাপন কৰে। মাজদিয়া বজাৰ, মাজদিয়া হাইস্কুল, কটাহবাৰী মধ্য ইংৰাজী বিদ্যালয় আদিকে ধৰি বহুকেইখন অনুষ্ঠানৰ প্ৰতিস্থাপক লগতে কটাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক হিন্দী শিক্ষক, পৰৱৰ্তী সময়ত ই এণ্ড দি বিভাগৰ কৰ্মচাৰী হিচাৱে ও কৰ্মৰত আছিল।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *