Spread the love

হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ সভাত খালি চকি।

: কৰিমগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লাহ আৰু শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাবলৈ আজি বৰাক উপত্যকাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ আজিৰ বৰাক উপত্যকাৰ প্ৰথমটো জনসভা অনুষ্ঠিত হয় হাইলাকান্দি জিলাৰ কাটলিচেৰাৰ চাৰ্লমাৰ্চ উচ্চমাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত । কিন্তু মুখ্যমন্ত্ৰীৰ আন আন ঠাইৰ নিৰ্বাচনী জনসভাৰ ঠিক বিপৰীত দৃশ্য পৰিলক্ষিত হয় হাইলাকান্দিত । হাইলাকান্দিত মুখ্যমন্ত্ৰীৰ সভাত নাই শ্ৰোতা । মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকা অবস্থাতো সভাস্থলিৰ পিছফালে দেখা গল হাজাৰে হাজাৰে খালি চকি । মুখ্যমন্ত্ৰীয়েও মঞ্চত উঠি বিষয়টো অনুমান কৰিলে । আৰু ৰাইজক মঞ্চৰ কাষলৈ আগুৱাই আহিবলৈ আহ্বান জনালে । ৰাইজেও মুখ্যমন্ত্ৰীৰ আহ্বানত সহাৰি জনাই বেৰিকেড ভাঙি মঞ্চৰ একেবাৰে তলতে থিয় হ’ল । পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় বিজেপিৰ সভা আন দলৰ নিচিনা ন’হয় । বিজেপিৰ সভা এনাৰ্জেটিক হ’য় । ইয়াত চকিত বহি কোনোবাই ভাষণ ন’শুনে বুলি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিলে মুখ্যমন্ত্ৰীয়ে । তথাপি বিষয়টোক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *