Spread the love

হেল্পিংহেণ্ড সংস্থাৰ কাৰ্যালয়ত কৃতি ছাত্র- ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

 

 

গোৰেশ্বৰ-২৭মেঃ

 

ওদালগুৰি জিলাৰ ডিমাকুছি বৰঙ্গাজুলি ত স্বেচ্ছাসেৱী সংগঠন হেল্পিংহেণ্ড সংস্থাৰ উদ্যোগত দিনৰ ১২ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে ২০২৩-২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

 

বিশেষ অভিনন্দন অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ স্পোক পাৰচন্ ৰঙ্গুল বড়ো,এবছুৰ ডিমাকুছি আঞ্চলিকৰ প্ৰাক্তন সভাপতি দীপক বড়ো,ডিমাকুছি আঞ্চলিক ইউপিপিএলৰ সাধাৰণ সম্পাদক সমুজ্বল নাথ, প্ৰাগ নিউজৰ বিশিষ্ট সাংবাদিক পৱন নাথ, ৰঞ্জিত ৰাজবংশী,আৰোনাই ৰাডাৱ ৰ সাংবাদিক ৰাজীৱ বড়ো,NEWS 24 Update ৰ সাংবাদিক ইন্দ্ৰজিৎ মণ্ডল, অখিল হিন্দী ভাষী যুৱছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সম্পাদক প্ৰেম ৰাজভৰৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, স্থানীয় ৰাইজ মিলি প্ৰায় শতাধিক লোক উপস্থিত থাকে।

 

বন্তি প্ৰজ্বলনৰে অভিনন্দন অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে মুখ্য অতিথি ৰঙ্গুল বড়ো, বিশিষ্ট অতিথি দীপক বড়োৱে।

 

অনুষ্ঠানটিত ডিমাকুছি অঞ্চলৰ প্রায় অৰ্ধশতাধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ কৃতী ছাত্র-ছাত্রীক অভিনন্দন জ্ঞাপন কৰা হয়।

 

অভিনন্দন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰঙ্গুল বড়োৱে আনন্দ প্ৰকাশ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যত জীৱনত কেনেদৰে সফলতাৰ সুখ লাভ কৰিব পাৰিব তাৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য আগবঢ়ায়।

 

অভিনন্দন অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথি সকলেও ছাত্ৰ-ছাত্ৰী, অভিভাৱক -অভিভাৱিকা আৰু স্থানীয় ৰাইজৰ আগত বক্তব্য প্রদান কৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰী সকলক এখন অভিনন্দন পত্ৰ,একোটা কলম আদি প্রদান কৰি উৎসাহিত কৰে।

 

হেল্পিংহেণ্ড সংস্থাৰ অধ্যক্ষই আঁতধৰাৰ লগতে সঞ্চালনা কৰা অভিনন্দন অনুষ্ঠানত বেঙ্গলী যুৱছাত্ৰ ফেডাৰেচনৰ কেইগৰাকী মান বিষয়ববীয়াই সহযোগিতা ‘আগবঢ়ায়।

 

এক গুৰুত্বপূৰ্ণ গাম্ভীৰ্যপূৰ্ণ অভিনন্দন অনুষ্ঠানটিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মনত শিক্ষাৰ প্ৰতি নৱোদ্দ্যম আনিব,ভাল মানুহ হোৱাৰ পথত সদায় মাৰ্গ প্ৰদৰ্শন কৰিব।

 

হেল্পিংহেণ্ড সংস্থাই জন্ম লগ্নৰে পৰাই “আৰ্ত-দুৰ্গতৰ সকলৰ সহায় হওঁ, দুচকুৰ পানীৰ টোপাল তেজহৈ নপৰক, আৰ্ত-দুৰ্গতৰ সেৱা সমৰ্পিত, জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা ” অব্যাহত ৰখাৰ উপৰিও শিক্ষা আৰু সাংস্কৃতিক দিশতো নিস্বাৰ্থ ভাৱে কাম কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিব

লৈ সক্ষম হৈছে।

 

অভিনন্দন অনুষ্ঠানটিৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰাণিত কৰা প্রতিটো কার্মসূচী সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা সকললৈ হেল্পিংহেণ্ড সংস্থাৰ বিষয়ববীয়া সকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *