Spread the love

[ad_1]

আপুনি জানেনে যিসকল লোক জমনি ধৰণৰ হয় , কমেডিয়ান ধৰণৰ হয় , তেওঁলোকে সদায় আনৰ তুলনাত বেছি ডিপ্ৰেছনত থাকে বা উদাস থাকে। জানেনে যদি আপোনাৰ মনত বাৰ বাৰ কিবা ঋণাত্মক চিন্তা আহি থাকে সেই চিন্তা সমূহ কাগজত লিখি কাগজখন ছিঙি ডাষ্টবিনত পেলালে সেই চিন্তাৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পোৱা যায়। আপুনি হয়তো এইটো কথাও নাজানে যে আপোনাৰ লক্ষ্য আৰু পৰিকল্পনাৰ কথা অইন লোকক কৈ দিলে সেই লক্ষ্য আৰু উদ্দেশ্যত কেতিয়াও উপনীত হ’ব নোৱাৰি। এনেধৰণৰ আৰু বহুত মনস্তত্ব কথা (psychological fact) আজিৰ লিখনিত যুগুতাই দিয়া হৈছে, যিসমূহ শুনিলে আপুনি কিছু সময় আচৰিত হৈ পৰিব।

১০) মনোবিজ্ঞান অনুসৰি মগজুত বাৰ বাৰ আহি থকা ঋণাত্মক চিন্তা সমূহ এখন বগা কাগজত লিখি পুনৰ কাগজখন ছিঙি ডাষ্টবিনত পেলাই দিলে সেই চিন্তাৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পোৱা যায়। বিশ্বাস নহ’লে এইটো আপুনি এবাৰ কৰি চাব পাৰে।

৯) মানুহৰ কাপোৰ কানি পিন্ধা আৰু চলা ফুৰা কৰাৰ ধৰণ চিধা চিধি মগজুৰ সৈতে সংযোগ হৈ থাকে। সেইবাবেই হয়তো যেতিয়াই মানুহে ভাল আৰু স্মাৰ্ট কাপোৰ পিন্ধি থাকে তেতিয়া তেওঁৰ আত্মবিশ্বাস বহুগুণে বেছি থাকে।

৮) যেতিয়া মানুহ কোনো কাৰণ নোহোৱাকৈ উদাস হৈ থাকে আৰু সেই সময়ত যদি তেওঁ কাৰোবাক মিছ্ কৰে তেতিয়া তেওঁ নিজেই বুজি নাপায় তেওঁ কাক মিছ্ কৰিছে।

৭) যি মানুহৰ একাধিক ভাষাৰ জ্ঞান থাকে তেওঁ যিকোনো বিষয়তে অইন লোকতকৈ ভাল সিদ্ধান্ত লোৱাৰ সামৰ্থ্য ৰাখে।

৬) যিলোকে সকলো সময়তে কৈ থাকে যে তেওঁ কোনো কিছুটে কাকো কেয়াৰ নকৰে বা পৰোৱা নকৰে , তেন্তে জানিব তেওঁ যিকোনো কথাকে বেছি কেয়াৰ কৰে আৰু ভয় কৰে। উদাহৰণ স্বৰূপে যদি তোমাৰ গাৰ্লফ্ৰেণ্ড বা বইফ্রেণ্ডে সকলো কথাতে কয় যে তুমি মোক এৰি গলে একো কথা নাই বা কেয়াৰ নকৰো তেন্তে জানিব তেওঁ তুমি এৰি যোৱাৰ ভয় বেছিকৈ কৰে।

৫) যি লোকে সৰু সৰু কথাতে খং কৰে বা মূৰ গৰম কৰে , জানিব তেওঁৰ জীৱনত প্ৰেম ভালপোৱাৰ অভাৱ আছে যাৰ ফলত তেওঁৰ মগজুৱে মূৰ গৰম কৰা কেমিকেল ক্ষৰণ কৰি থাকে।

সেয়ে কোৱা হয় প্ৰেম ভালপোৱা জীৱনৰ এক প্ৰয়োজনীয় বস্তু।

৪) মিছা কথা কৈ থাকোঁতে মানুহৰ নাক গৰম হয়, আৰু তেওঁ ইফাল সিফাল কৰিহে কথা কয়। মিছা কথা কওঁতে মানুহে চকুত চকু ৰাখিব নোৱাৰে। এই বুদ্ধিৰ দ্বাৰা মিছা কথা ধৰা পেলাব পাৰি।

৩) মনোবিজ্ঞান অনুসৰি দিনটোত মানুহৰ প্ৰায় ৮০% চিন্তাধাৰা ঋণাত্মক হৈ থাকে। আৰু এই চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰাৰ এটাই সমাধান হৈছে নিজকে ব্যস্ত কৰি ৰখা। মানুহ ব্যস্ত হৈ থাকিলে ঋণাত্মক চিন্তা ৪০% কমি যায়।

২) যি লোকে জীৱনত সকলোকে সুখী ৰাখিব বিচাৰে , সেই ব্যক্তি জীৱনৰ শেষ কালত বেছিকৈ দুখী হৈ পৰে।

১) মনোবিজ্ঞান অনুসৰি ১৮ – ৩৩ বছৰৰ সময়খিনি মানুহৰ খুব বেছি টেনশ্যনৰ সময়। আৰু এই টেনশ্যন লৰাতকৈ ছোৱালীৰ বেছি । ছোৱালী আবেগিক ভাৱে কিছু দুৰ্বল হোৱা হেতুকে এই টেনশ্যনৰ পৰা নিজকে দূৰৈত ৰাখিবলৈ সকলো সময়তে নিজক ব্যস্ত ৰাখিব বিচাৰে। কেতিয়াবা ব্যস্ত হ’বলৈ গৈ ভুল মানুহৰ সংগত পৰি ভুল পথে পৰিচালিত হয় কিছু ছোৱালী। সেইবাবে এই বয়সত আৱেগিক আৰু চিন্তিত নহৈ নিজকে সংযত কৰি ৰখা অৱশ্যে দৰকাৰী। যি সমস্যাই নহওঁক অতি টেনশ্যন লোৱা অনুচিত, জীৱনত যি সমস্যাই নহওঁক তাৰ মুখামুখি হ’বলৈ সাহস কৰিব লাগে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *